পায়েৰিয়াৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

0
1195
পায়েৰিয়া হৈছে আমাৰ দাঁতৰ এক গুৰুতৰ সমস্যা৷ পায়েৰিয়া হ’লে দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা, দাঁতৰ সিৰসিৰণি, আলু ক্ষয় যোৱা,মুখৰ দুৰ্গন্ধ ওলোৱা আদি সমস্যাই দেখা দিয়ে৷ ততালিকে ইয়াৰ চিকিৎসা নকৰিলে এটা সময়ত দাঁতৰ আলু পচি অকালতে দাঁত সৰাৰ সমস্যাও হ’ব পাৰে৷

(১) পায়েৰিয়া বা দাঁতৰ অন্যান্য সমস্যাত ডালিমৰ কলিৰ শুকান গুৰিৰে দিনত তিনিবাৰমান দাঁত মাজিব লাগে৷
(২) দাঁতৰ যিকোনো সমস্যাত নিমখ আৰু সৰিয়হৰ তেলক প্ৰাচীন যুগৰে পৰা ব্যৱহাৰ কৰি অহা হৈছে৷ গতিকে নিমখ-তেলৰ মিশ্ৰণেৰে আঙুলিৰে দাঁত মাজিলেও সুফল পোৱা যায়৷
(৩) তুলসী পাতৰ লগত বাদাম পিচি তাৰ লগত ফিটকিৰি, লং, কপূৰ্ৰ আৰু জালুক মিশ্ৰণ কৰি ৰাতি শোৱাৰ আগত দাঁতৰ আলুত ঘঁহিলে পায়েৰিয়া ৰোগ ভাল হয়৷

पायरिया के कारण, लक्षण और घरेलू उपाय - Periodontitis (Gum Disease) Causes, Symptoms and Home Remedies in Hindi


(8) এণ্টিবেক্টেৰিয়েলযুক্ত মধুৰিআমৰ পাতৰ ৰসে পায়েৰিয়া, দাঁতৰ বিষ আদি সমস্যা নিৰাময় কৰে৷
(৫) নিমৰ তেল দাঁতৰ আলুত আঙুলিৰে লগাই কিছু সময়ৰ পাছত ধুই দিলে পায়েৰিয়াৰ পৰা আৰোগ্য লাভ কৰিব পাৰি৷
(৬) তুলসীৰ পাতৰ ৰস নাইবা নাৰিকল তেল মাউথৱাশ্ব হিচাপে ব্যৱহাৰ কৰিলে পায়েৰিয়া ৰোগৰ পৰা মুক্তি লাভ কৰিব পৰা যায়৷
সেয়েহে দাঁতৰ যিকোনো সমস্যাক সাধাৰণভাৱে নলৈ ততালিকে ইয়াৰ চিকিৎসা গ্ৰহণ কৰা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here