মহানগৰীত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ

0
313

ৰাজ্যত ক’ভিডৰ সংক্ৰমণ বৃদ্ধিৰ পোৱাৰ সমান্তৰালভাৱে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ ঘটিছে৷ বিগত সময়ত সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত জাপানীজ এনকেফেলাইটিছে ভয়াৱহ ৰূপ ধাৰণ কৰাত বহুতো লোকে মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছে৷

এইবাৰ পুনৰ এই ৰোগত দুজন ৰোগী আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে৷ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত গৈ সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে এই ৰোগী দুজনে৷ ইয়াৰে এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ এইদৰে জাপানীজ এনকেফেলাইটিছ ৰোগ ধৰা পৰা ৰাজ্যৰ স্বাস্থ্য বিভাগ যথেষ্ট তৎপৰ হৈ পৰিছে৷

কামৰূপ মহানগৰ জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ কন্দৰ্প কুমাৰ দাসে চিকিৎসাধীন ৰোগী দুগৰাকীক একিউট এনকেফেলাইটিছ ছিণ্ড্ৰমত আক্ৰান্ত হোৱা বুলি সদৰী কৰিছে৷ দুই-এদিনতে স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছত সঠিক তথ্য লাভ কৰিব বুলিও জানিবলৈ দিছে৷

ইফালে ৰাজ্যৰ স্বাস্থ্য বিভাগে মহানগৰকৈ ধৰি জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ ব্যৱস্থা হাতত লৈছে৷ মহৰ প্ৰাদুৰ্ভাৱ ৰোধৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণতো বিশেষ গুৰুত্ব প্ৰদান কৰিছে স্বাস্থ্য বিভাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here