নিজ ইচ্ছাৰে হোটেল-ৰেস্তোৰাঁই সেৱা কৰ নোৱাৰিব

0
198

কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা প্ৰাধিকৰণ [চি চি পি এ]-এ হোটেল আৰু ৰেস্তোৰাঁসমূহক স্বয়ংক্ৰিয়ভাৱে বা ভুলবশতঃ খাদ্যৰ বিলত সেৱা মাচুল লগোৱাত নিষেধাজ্ঞা জাৰি কৰিছে৷ এই ক্ষেত্ৰত নিৰ্দেশৰ উলংঘা কৰিলে গ্ৰাহকসকলক অভিযোগ দাখিলৰ অনুমতি দিছে৷ 
সেৱা মাচুলৰ ক্ষেত্ৰত অলেখ অভিযোগ পোৱাৰ পাছত চি চি পি এই সেৱা মাচুল আৰোপ কৰা ক্ষেত্ৰত অসাধু বাণিজ্যিক ব্যৱস্থা আৰু উপভোক্তাৰ অধিকাৰ উলংঘনক বাধা দিবলৈ নিৰ্দেশাৱলী প্ৰেৰণ কৰিছে৷ এই নিৰ্দেশাৱলীৰ মতে, কোনো হোটেল বা ৰেস্তোৰাঁই স্বয়ংক্ৰিয়ভাৱে বা ভুলবশতঃ বিলত সেৱা মাচুল যোগ কৰিব নোৱাৰিব৷ চি চি পি এ-এ আৰু কয় যে আন কোনো নামেৰেও সেৱা মাচুল ল’ব নোৱাৰিব৷ কোনো হোটেল বা ৰেস্তোৰাঁই সেৱা মাচুল দিবলৈ গ্ৰাহকক জোৰ কৰিব নোৱাৰিব৷ 
তেওঁলোকে খোলোচাকৈ গ্ৰাহকক জনাব লাগিব যে সেৱা মাচুল স্বেচ্ছামূলক, ঐচ্ছিক আৰু গ্ৰাহকৰ সিদ্ধান্ত অনুযায়ী হ’ব৷ নিৰ্দেশাৱলীত আৰু কোৱা হৈছে, সেৱা মাচুল সংগ্ৰহ কৰাৰ ভিত্তিত গ্ৰাহকৰ ওপৰত প্ৰৱেশত হকা-বাধা বা সেৱাৰ সুবিধা আৰোপ কৰিব নোৱাৰিব৷ তদুপৰি খাদ্যৰ বিলত যোগ দি আৰু মুঠ বিলত জি এছ টি লৈ সেৱা মাচুল ল’ব নোৱাৰিব৷ 
যদি কোনো হোটেল বা ৰেস্তোৰাঁই সেৱা মাচুল লয়, তেন্তে গ্ৰাহকে সংশ্লিষ্ট প্ৰতিষ্ঠানক ইয়াক বিলৰ পৰা আঁতৰাবলৈ অনুৰোধ কৰিব পাৰিব৷ গ্ৰাহকে ৰাষ্ট্ৰীয় উপভোক্তা হেল্পলাইনত [এন চি এইচ] এন চি এইচ ম’বাইল এপ বা ১৯১৫ নম্বৰলৈ কল কৰি অভিযোগ দাখিলো কৰিব পাৰিব৷ তেওঁলোকে উপভোক্তা আয়োগৰ ওচৰতো অভিযোগ দাখিল কৰিব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here