ৰূপচৰ্চাত মেজিকৰ দৰে কাম কৰে ভাতৰ নিসনিয়ে

0
563

ভাতৰ মাৰ বা নিসনি যথেষ্ট পুষ্টিকৰ গুণবিশিষ্ট বুলি সকলোৱে জানে৷ ভাতৰ মাৰ খালে শৰীৰ স্বাস্থ্যৱান হোৱাৰ লগতে সবল, শক্তিশালী হয়৷ শৰীৰৰ উপকাৰীৰ উপৰি ভাতৰ নিসনি ৰূপচৰ্চাত এবিধ অতি গুৰুত্বপূৰ্ণ উপাদান৷ কিয়নো ভাতৰ মাৰে ৰূপচৰ্চাত মেজিকৰ দৰে কাম কৰে৷ জানো আহক ভাতৰ নিসনি কিদৰে সৌন্দৰ্যচৰ্চাত ব্যৱহাৰ কৰা হয়৷
ভাতৰ নিসনি গোলাপ জলৰ সৈতে মিহলাই গা ধোৱাৰ সময়ত ছালত লগাওক৷ ছালৰ অস্বস্তিকৰ জ্বলন, ছালৰ খজুৱতি, ছালৰ বিভিন্ন বেমাৰৰ পৰা আৰোগ্য লাভ কৰিব পাৰিব৷
ভাতৰ নিসনি ঠাণ্ডা হ’বলৈ দি তুলাৰে মুখত লগালে ব্ৰুন, ছালৰ ৰুক্ষতা আদি সমস্যাৰ পৰা হাত সাৰিব পাৰি৷
ভাতৰ মাৰ তুলাৰে হাত-ভৰিৰ ছাল, ৰ’দে পোৰা অংশ আদিত লগালে সুফল পোৱা যায়৷ এইদৰে ভাৰত মাৰ লগালে ছালৰ উজ্জ্বলতা পুনৰ ঘূৰি আহে৷
ছালখনৰ সতেজ, ছালৰ আৰ্দ্ৰতা বজাই ৰাখিবলৈ ভাতৰ মাৰ ব্যৱহাৰ কৰিব পাৰে৷
অণ্টি এজিং আৰু উচ্চ এণ্টিঅক্সিডেণ্টযুক্ত হোৱাৰ কাৰণে ভাতৰ মাৰে বলিৰেখা হ্ৰাস কৰাত সহায় কৰে৷ মুখত পৰা বয়সৰ চাপ নোহোৱা কৰিবলৈ ভাতৰ নিসনি সদায় ব্যৱহাৰ কৰক৷
ছালৰ হাইপাৰ পিগ্‌মেণ্টেশ্যনৰ বাবে ভাতৰ মাৰ যথেষ্ট কাৰ্যকৰী৷
আনহাতে ভাতৰ মাৰ পানীত মিহলি কৰি অলপ সময়ত চুলিত লগাই পাছত ছেম্পুৰে ভালদৰে চুলিখিনি ধুই দিব৷ এনে কৰিলে চুলি ফটা সমস্যাৰ লগতে চুলিৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে৷
ছালৰ প্ৰশস্ত ছিদ্ৰ থাকিলে ভাতৰ মাৰে দুৰ্দান্ত টোনাৰ হিচাপে কাম কৰে৷ ভাতৰ মাৰে ছালৰ পৰিষ্কাৰ কৰাৰ লগতে ছিৰাম উৎপাদনৰ নিয়ন্ত্ৰণত ভূমিকা গ্ৰহণ কৰে৷ যাৰ ফলত ছালৰ প্ৰশস্ত ছিদ্ৰ হ্ৰাস পায়৷
ভাতৰ মাৰে ছালত কলাজেন উৎপাদন কৰি ছালৰ উজ্জ্বলতা আৰু ছালখন কোমল কৰি ৰাখে৷
ভাতৰ নিসনিয়ে প্ৰাকৃতিক ছানস্ত্ৰিন হিচাপে কাম কৰে৷ ভাতৰ নিসনিয়ে ছালখনক সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে৷ ইয়াৰ উপৰি ছালত পৰা দাগ নাইকিয়া কৰিবলৈ ভাতৰ নিসনি এবিধ অতি উত্তম উপাদান৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here