মহানগৰত ৪ দিন ড্ৰাই ডে’ ঘোষণা

0
270

গুৱাহাটী পৌৰ নিগমৰ ২২ এপ্ৰিলত অনুষ্ঠিত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে ২০ এপ্ৰিলৰ আবেলি ৪-৩০ বজাৰ পৰা ২২ এপ্ৰিলৰ আবেলি ৪-৩০ বজালৈ গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ সকলো এলেকাতে ড্ৰাই ডে’ ঘোষণা কৰিছে৷ 
লগতে ২৪ এপ্ৰিলৰ ভোট গণনাৰ দিনটোতো গণনা কাৰ্য সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ঘোষণা কৰা হৈছে ড্ৰাই ডে’৷ তদুপৰি কিবা কাৰণে পুনৰ ভোটগ্ৰহণ কৰিবলগীয়া হ’লে পুনৰ গ্ৰহণৰ দিনটোতো বাহাল থাকিব ড্ৰাই ডে’৷ 
ড্ৰাই ডে’ৰ সময়ছোৱাত পৌৰ নিগম এলেকাত থকা সকলো ধৰণৰ সুৰাৰ পাইকাৰী তথা খুচুৰা বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে পণ্যাগাৰ, আই এম এফ এল তথা দেশীয় সুৰাৰ দোকানসমূহো বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে৷
 তেনেদৰে বাৰ, দোকান, হোটেল, ৰেস্তোৰাঁ তথা ৰাজহুৱা স্থানত যিকোনো প্ৰকাৰৰ মাদক দ্ৰব্য অথবা নিচাজাতীয় দ্ৰব্যৰ সেৱন আৰু ব্যৱহাৰৰ ওপৰত বাধা আৰোপ কৰা হৈছে ড্ৰাই ডে’ৰ সময়ছোৱাত৷ 
কোনো লোকে এই নিয়ম ভংগ কৰিলে অসম আবকাৰী আইনৰ ১৩৫ ধাৰাৰ নিৰ্বাচনী আচৰণ বিধি ভংগৰ অপৰাধত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি এক নিৰ্দেশনা যোগে জনাইছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here