উদ্বেগজনক তথ্য : মূল্যবৃদ্ধিৰ ক্ষেত্ৰত দেশৰ দ্বিতীয় স্থানত অসম

0
565

ৰাজ্যত এতিয়া বয়-বস্তুকে ধৰি সকলো সামগ্ৰীৰে মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক কোঙা কৰি পেলাইছে৷ সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ নিতৌ হৈ থকা মূল্যবৃদ্ধিয়ে জীয়াই থকাতেই বাধাৰ সন্মুখীন কৰাইছে৷
 এচাম সুবিধাবাদীৰ স্বাৰ্থত এইদৰে হোৱা মূল্যবৃদ্ধিয়ে ৰাজ্য-কেন্দ্ৰীয় চৰকাৰকো টলাব পৰা নাই৷ যাৰ ফলত দৈনন্দিন জীৱন-ধাৰণত সমস্যাৰ মুখামুখি হ’বলগীয়াত পৰিছে সৰ্বসাধাৰণ ৰাইজে৷
 বিশ্বৰ বজাৰত মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰাৰ সময়তে অসমত মুদ্ৰাস্ফীতিয়ে অভিলেখৰ সৃষ্টি কৰিছে৷ কেন্দ্ৰীয় পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰ্যালয়ৰ অধীনত ৰাষ্ট্ৰীয় পৰিসংখ্যাগত কাৰ্যালয়ে শেহতীয়াভাৱে  মুদ্ৰাস্ফীতি সন্দৰ্ভত প্ৰকাশ কৰা এক প্ৰতিবেদনত দেশৰ ভিতৰতে সৰ্বাধিক নিত্য প্ৰয়োজনীয় সা-সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটা ৰাজ্যসমূহৰ ভিতৰত অসমে দ্বিতীয় স্থান দখল কৰিছে৷
 উল্লেখ্য যে সৰ্বাধিক মুদ্ৰাস্ফীতিৰ হাৰ থকা ৰাজ্যখন হৈছে পশ্চিম বংগ৷ অতি উদ্বেগজনক বিষয় এই যে অসমৰ চহৰ অঞ্চলৰ তুলনাত গাঁও অঞ্চলত মুদ্ৰাস্ফীতিৰ হাৰ অভাৱনীয়ভাৱে বেছি৷ 
অসমত চহৰাঞ্চলত মুদ্ৰাস্ফীতিৰ হাৰ ৫.৪৬ শতাংশ, আনহাতে গ্ৰামাঞ্চলত মুদ্ৰাস্ফীতিৰ হাৰ হৈছে ৮.৮৫ শতাংশ৷ মন কৰিবলগীয়া কথা যে চহৰাঞ্চলতকৈ গ্ৰামাঞ্চলতেই সৰহসংখ্যক লোকে বাস কৰে৷ পিছে গ্ৰামাঞ্চলত মূল্যবৃদ্ধিৰ অতিৰিক্ত বোজাই ৰাজ্যৰ অৰ্থনীতিৰ বিৰূপ প্ৰভাৱ পেলাব বুলি সচেতন মহলে উদ্বেগ প্ৰকাশ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here