হঠাতে দিখৌৰ পানী বিষাক্ত ওপঙিল হাজাৰ হাজাৰ মৃত মাছ

0
715

শিৱসাগৰ জিলাৰ মাজেৰে বৈ যোৱা নদীকাষৰীয়া ৰাইজৰ আয়ুসৰেখা হিচাপে পৰিগণিত হোৱা দিখৌ নদী এতিয়া সংকটত৷ কিয়নো দিখৌ নদীত হাজাৰ হাজাৰ মাছ ওপঙি পৰিল৷ নদীত ওপঙি পৰা বৃহৎ সৰু আৰু ডাঙৰ মাছ শিৱসাগৰ জিলাৰ গৌৰীসাগৰ, দুলীয়া, ধনেখোৱা, ৰঘুবাৰী, দিখৌমুখ আদি অঞ্চলৰ ৰাইজে সংগ্ৰহ কৰিবৰ বাবে ৰাইজ উবুৰি খাই পৰে৷ আনহাতে অস্বাভাৱিকভাৱে দিখৌ নদীৰ পানী গাঢ় সেউজীয়া হৈ পৰে৷ 
নদীৰ পানী সেউজীয়া হৈ পৰাৰ পাছতে অসংখ্য মৃত মাছ নদীত ওপঙি পৰে৷ বৃহৎ আকাৰৰ চিতল, বৰালি, ৰৌ, মালি আদি মাছৰ উপৰি বৰিয়লা, চেলকনা আদি অসংখ্য মাছ নদীত ওপঙা পৰিলক্ষিত হয়৷ স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰা মতে, অত্যধিক বৰষুণৰ ফলত কয়লা খনিসমূহৰ পৰা কয়লা বৰষুণৰ পানীৰ সৈতে সংমিশ্ৰণ ঘটি নদীৰ পানীত মিলিত হোৱাৰ বাবেই ৰাসায়নিক ক্ৰিয়া হৈ অসংখ্য মাছৰ মৃত্যু হৈছে৷ 
অস্বাভাৱিকভাৱে পূৰ্বতে কেতিয়াও নঘটা এনে ঘটনাত দিখৌ নদীৰ দাঁতিকাষৰীয়া ৰাইজ হতবাক হৈ পৰিছে৷ জলচৰ জীৱ আৰু দিখৌ নদীৰ জৈৱ-বৈচিত্ৰ্যলৈ ভাবুকি কঢ়িয়াই আনিব পৰাকৈ দিখৌ নদীৰ পানী হঠাতে কিয় সেউজীয়া হৈ পৰিল সেয়া ৰহস্যজনক৷  
দিখৌৰ পানী সেউজীয়া হোৱাৰ কাৰণ ইয়াৰ দাঁতিকাষৰত উদ্যোগসমূহ নাইবা বৰষুণৰ পানীত উটি অহা কয়লা বুলি ৰাইজে সদৰী কৰিছে৷ বৰ্তমান দিখৌ নদীৰ পানী সেউজীয়া হৈ পৰাৰ উপৰি হাজাৰ হাজাৰ মৃত মাছৰ দুৰ্গন্ধই নদীকাষৰীয়া ৰাইজৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷ শিৱসাগৰবাসীয়ে শীঘ্ৰেই নদীখন আৰু তাত বিচৰণ কৰা জলচৰ জীৱসমূহলৈ ভাবুকি কঢ়িয়াই অনা কাৰণৰ উচিত তদন্ত দাবী কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here