মছলা হিচাপে খোৱা কলাজিৰাৰআছে বিস্ময়কৰ শক্তি

0
173


প্ৰাচীন কালৰে পৰা কালজিৰা মানৱদেহৰ নানা ৰোগৰ চিকিৎসাত ব্যৱহাৰ হৈ আহিছে৷ কালজিৰা অকল খাদ্যৰ সোৱাদ বৃদ্ধিতে নহয়, ইয়াৰ বীজৰ পৰা উৎপন্ন হোৱা তেলে শৰীৰৰ কাৰণে অত্যন্ত উপকাৰী৷ মছলা হিচাপে ব্যৱহাৰ কৰাৰ উপৰি কালজিৰাক আয়ুৰ্বেদিক, কবিৰাজী চিকিৎসাত ব্যৱহাৰ কৰা হয়৷ কালজিৰাত ফছফেট, আইৰন, লৌহ, ফচফৰাছ আদিৰ উপৰি কেঞ্চাৰ প্ৰতিৰোধী কেৰ’টিন আৰু শক্তিশালী হৰমন, বিভিন্ন ৰোগ প্ৰতিৰোধী উপাদান পোৱা যায়৷ মছলা হিচাপে কালজিৰাৰ আসাধাৰণ কাৰ্যকাৰিতা দেখিবলৈ পোৱা যায়৷ ইয়াত পোৱা পাচক এনজাইম আৰু অম্লনাশক আদি জীৱাণুনাশক উপাদান পোৱা যায়৷ কলাজিৰা, দেখিবলৈ এটা সৰু দানাৰ দৰে যদিও ইয়াৰ আছে বিস্ময়কৰ শক্তি৷ প্ৰাচীন কালৰ পৰা মানৱ দেহৰ বিভিন্ন ৰোগৰ প্ৰতিষেধক আৰু প্ৰতিৰোধক হিচাপে কলাজিৰা ব্যৱহাৰ হৈ আহিছে৷
কালজিৰাৰ উপকাৰিতাৰ বিষয়ে জানো আহক–
কালজিৰাত কেঞ্চাৰ প্ৰতিৰোধক কেৰ’টিন আৰু শক্তিশালী হৰমন পোৱা যায়৷ কালজিৰাত প্ৰস্ৰাৱ সংক্ৰান্তীয় বিভিন্ন ৰোগ প্ৰতিৰোধকাৰী উপাদান থাকে৷
পাচক, এনজাইম আৰু অম্লনাশক উপাদান তথা অম্লৰোগৰ প্ৰতিষেধক হিচাপে কাম কৰে৷ সেয়ে বৰ্ষাকালত শৰীৰ সুস্থ কৰি ৰাখিবলৈ কালজিৰা খাব লাগে৷
কালজিৰাই চুলি, দাঁত আৰু ছালৰ সমস্যা দূৰ কৰে৷ চৰ্মৰোগ, ব্ৰণ, টনছিল, গলৰ বিষ আদি নিৰ্মূল কৰে৷
কলেষ্টৰেল নিয়ন্ত্ৰণ কৰি ৰখাত কালজিৰাই উল্লেখযোগ্য ভূমিকা লয়৷
কালজিৰাই কিডনী ষ্ট’ন, লিভাৰ আৰু প্লীহা, ঠাণ্ডাৰ কাৰণে হোৱা ৰোগ, হূদপিণ্ড আৰু ৰত্তপ্ৰবাহ আদিৰ সমস্যা নিৰাময় কৰে৷
প্ৰষ্টেট, আলচাৰ আৰু কেঞ্চাৰৰ সমস্যা উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷
কালজিৰাই ডায়েবেটিছ ৰোগীসকলৰ তেজত শৰ্কৰা কমাই ৰাখে, ফলত ডায়েবেটিছত আক্ৰান্ত লোকে কালজিৰা নিয়মিতভাৱে খাব লাগে৷
নিয়মিত কালজিৰা পিহি সেৱন কৰিলে হূদৰোগৰ সম্ভাৱনা থকাসকলৰ হূদৰোগৰ সম্ভাৱনা কমাই দিয়ে৷
ওজন হ্ৰাস বা মেদবহুলতা সমস্যাৰ বাবে কালজিৰা খালে হাত সাৰিব থাকিব পাৰি৷
ইয়াৰ বাহিৰেও কালজিৰা এইূহ কামত অত্যন্ত কাৰ্যকৰী কাম কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here