দেশত কেতিয়াৰ পৰাচলিব হাইড্ৰ’জেন ট্ৰেইন

0
466

কেইদিনমান আগতে কেন্দ্ৰৰ মোদী চৰকাৰে দেশত হাইড্ৰ’জেন ট্ৰেইন চলোৱাৰ কথা ঘোষণা কৰিছিল৷ ইয়াৰ কাৰ্যব্যৱস্থা হিচাপে চলিত বৰ্ষৰ ভিতৰতে হাইড্ৰ’জেন ট্ৰেইন চলোৱাৰ পূৰ্ণ প্ৰস্তুতি চলাইছে৷ আনকি চলিত বছৰৰ ডিচেম্বৰৰ ভিতৰতে এই ট্ৰেইন চলোৱাৰ সম্ভাৱনা আছে৷ এইবাৰ কেন্দ্ৰীয় চৰকাৰে বাৰ্ষিক বাজেটত গ্ৰীন এলাৰ্জিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে৷ সেয়েহে চৰকাৰৰ বাজেট উল্লেখ কৰা অনুসৰি ধোঁৱাহীন হাইড্ৰ’জেন ট্ৰেইনে উল্লেখযোগ্য ভূমিকা পালন কৰিব৷ চৰকাৰৰ এই পদক্ষেপে সফলতা লাভ কৰিলে ভাৰত বিশ্বৰ তৃতীয় দেশ হিচাপে পৰিগণিত হ’ব, য’ত ইতিমধ্যে এইধৰণৰ হাইড্ৰ’জেন ট্ৰেইন চলিছে৷ উল্লেখ্য যে হাইড্ৰ’জেন ট্ৰেইন চলোৱাৰ একেবাৰে শীৰ্ষত আছে জাৰ্মানী, দ্বিতীয় স্থানত আছে চীন আৰু তাৰ পাছতেই ভাৰতে অৱস্থান গ্ৰহণ কৰিব৷ সেয়েহে চৰকাৰে ২০২৩ চনত এই ট্ৰেইন চলোৱাৰ চিন্তা-চৰ্চা কৰিছে৷ ভাৰতীয় ৰে’লৱে বিভাগৰ পৰিকল্পনা অনুসৰি প্ৰথম অৱস্থাত দেশৰ বিভিন্ন হেৰিটেজ ঠাইসমূহত এই ট্ৰেইন চলোৱা হ’ব৷ তাৰ ভিতৰত দাৰ্জিলিং-হিমালয়ান ৰে’লৱে, নীলগিৰি-মাউণ্টেন ৰে’লৱে, কলকাতা-ছিমলা ৰে’লৱেসহ বিভিন্ন নেৰ’গজ ৰে’লপথত এই হাইড্ৰ’জেন ৰে’ল চলোৱা হ’ব, যিয়ে জৈৱ-বৈচিত্ৰ্য তথা পৰিৱেশৰ ওপৰত অনুকূল প্ৰভাৱ পেলাব৷ এই সন্দৰ্ভত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ৰে’লৱে গো গ্ৰীন কাৰ্যসূচীৰ আগে আগে এই হেৰিটেজ ৰুটবোৰ কাৰ্যক্ষম কৰি তোলা হ’ব৷ এই ক্ষেত্ৰত আটাইতকৈ ডাঙৰ কথাটো হ’ল যে ইলেকট্ৰিক বা ডিজেলচালিত ইঞ্জিনৰ তুলনাত অত্যন্ত কম খৰচী হ’ব হাইড্ৰ’জেন ট্ৰেইন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here