ৰেস্তোৰাঁত ফলৰ ৰসৰ পৰিৱৰ্তে ডিটাৰজেণ্ট মিহলি পানী : ক’ত?

0
163

ছ’চিয়েল মিডিয়াত প্ৰকাশিত এক আজব আৰু দায়িত্বজ্ঞানহীন কৰ্মই সৰ্বসাধাৰণৰ মাজত চাঞ্চল্যকৰ সৃষ্টি কৰিছে৷ চীনৰ ৰেস্তোৰাঁত ফলৰ ৰসৰ পৰিৱৰ্তে চাবোন বা ডিটাৰজেণ্ট বিক্ৰী কৰাৰ তথ্য লাভ কৰিছে৷ শেহতীয়াৈক উঠা অভিযোগ মতে এনেদৰে ৰেস্তোৰাঁত ফলৰ ৰস সেৱন কৰাৰ পাছতে কেইবাগৰাকী লোক অসুস্থ হৈ পৰে৷ চীনা সংবাদ পত্ৰ ছাউথ চাইনা মৰ্নিং পোষ্টৰ এক প্ৰতিবেদন অনুসৰি চীনৰ ঝেজিয়াং প্ৰদেশৰ এখন ৰেস্তোৰাঁত এই ঘটনা সংঘটিত হয়৷ এগৰাকী মহিলাই এই সমগ্ৰ ঘটনাটোৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত পোষ্ট কৰে৷ পাছত অৱশ্যে ছ’চিয়েল মিডিয়াৰ পৰা উঠাই দিয়া হয়৷ মহিলাগৰাকীয়ে দিয়া ভিডিঅ’ত মতে পৰিয়ালৰ সৈতে তেওঁ ৰেস্তোৰাঁখনত খাবলৈ যোৱাৰ সময়তে ফলৰ ৰস বুলি আনি দিয়া হৈছিল ডিটাৰজেণ্ট মিহলি পানী৷ এই ডিটাৰডেণ্ট মিহলি পানী সেৱন কৰাৰ পাছতেই কেইবাজনো লোক অসুস্থ হৈ পৰে৷ উল্লেখ্য যে ইয়াৰ আগতেও চীনৰ ৰেস্তোৰাঁবোৰত খাদ্যৰ নামৰ বৰবিহ সেৱন কৰাৰ অভিযোগ আছে৷ অৱশ্যে ৰেস্তোৰাখনৰ বিৰুদ্ধে কোনোধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণৰ তথ্য পোৱা হোৱা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here