ভয়ংকৰ খবৰ : ভৰলু নৈত কৰ’না ভাইৰাছৰ উপস্থিতি

0
670
এক ভয়ংকৰ খবৰে এতিয়া সমগ্ৰ ৰাজ্যকে জোকাৰি গৈছে৷ কিয়নো, অসমৰ গুৱাহাটী মহানগৰীৰ মাজেৰে বৈ যোৱা ভৰলু নৈৰ পানীত কৰ’না ভাইৰাছ পোৱা গৈছে৷ এই তথ্য প্ৰকাশ পাইছে আই আই টি, গান্ধীনগৰসহ দেশৰ আঠটা প্ৰতিষ্ঠানে চলোৱা এটা অধ্যয়নত৷ প্ৰতিষ্ঠানকেইটাই গুৱাহাটী আৰু ইয়াৰ কাষেৰে বৈ যোৱা নৈৰ তথা নৰ্দমাৰ পানীৰ নমুনা পৰীক্ষা কৰি এই তথ্য লাভ কৰে৷ 

উল্লেখ্য যে ইয়াৰ আগতে দেশৰ কেইবাখনো মহানগৰৰ নৰ্দমা তথা নদীৰ পানীত জীৱিত কৰ’না ভাইৰাছ পোৱা গৈছিল৷ শেহতীয়াকৈ কৰা অধ্যয়নটোত প্ৰকাশ পোৱা মতে, গুজৰাটৰ নৈ-বিল আদিতো জীৱিত অৱস্থাত কৰ’না ভাইৰাছ পোৱা গৈছে৷ আহমেদাবাদৰ সবৰমতী নদী, কাংকৰিয়া হ্ৰদ আৰু চন্দোলা হ্ৰদৰ পানীতো কৰ’নাৰ উপস্থিতি ধৰা পৰিছে৷ উক্ত অধ্যয়নটোত আই আই টি, গান্ধীনগৰৰ উপৰি জে এন ইউৰ স্কুল অব্‌ এনভাইৰনমেণ্টেল ছায়েন্সেজৰ নতুন দিল্লীৰ গৱেষকো আছে৷ এই অধ্যয়নটোৰ পাছত দেশৰ প্ৰাকৃতিক জল উৎসৰ অধ্যয়ন পুনৰ নতুনকৈ আৰম্ভ কৰা হ’ব৷ অধ্যয়নটোত এই দুখন মহানগৰক বাছনি কৰি লোৱাৰ কাৰণ হ’ল আহমেদাবাদত নলা-নৰ্দমাৰ পানী পৰিশোধন কৰাৰ সৰ্বাধিকসংখ্যক প্ৰকল্প আছে আৰু গুৱাহাটীত তেনেধৰণৰ কোনো প্ৰকল্প নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here