অতি উদ্বেগজনক ! ব্ৰিটেইনত কৰ’নাৰ তৃতীয়টো ঢৌ আৰম্ভ

0
649
ব্ৰিটেইনত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ তৃতীয়টো ঢৌ আৰম্ভ হৈছে৷ দেশখনত যোৱা ১৮ জুনত ১১,০০৭জন লোকৰ নতুনকৈ কৰ’নাৰ সংক্ৰমণ হয়৷ ই হ’ল যোৱা চাৰি মাহৰ ভিতৰত কৰ’নাৰ সংক্ৰমণ হোৱা লোকৰ সৰ্বাধিক সংখ্যা৷ ইয়াৰ আগতে যোৱা ১৮ ফেব্ৰুৱাৰীত দেশখনত ১১,৯৯৪জন লোকৰ কৰ’নাৰ সংক্ৰমণ হৈছিল৷ বিশেষজ্ঞসকলৰ মতে দেশখনত ডেল্টা ভেৰিয়েণ্টৰ বাবে সংক্ৰমণ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ যোৱা এটা মাহত ব্ৰিটেইনত সংক্ৰমণ হোৱা লোকৰ ৯০ শতাংশৰ শৰীৰত ডেল্টা ভেৰিয়েণ্ট পোৱা গৈছে৷ দেশখনত এই ভেৰিয়েণ্টৰ সংক্ৰমণৰ ফলত মাত্ৰ ১১ দিনৰ ভিতৰত সংক্ৰমিতৰ সংখ্যা দুগুণ বৃদ্ধি পায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here