ৰাজ্যত চিকিৎসকৰ উত্তাল প্ৰতিবাদ

0
980
চিকিৎসা কৰ্মী তথা চিকিৎসা বৃত্তিৰ ওপৰত আক্ৰমণ বন্ধ কৰাৰ দাবীত যোৱা ১৮ জুনত সমগ্ৰ দেশতে ‘ত্ৰাণকৰ্তাক ৰক্ষা কৰক’ এই মূল শ্ল’গান লৈ ভাৰতীয় চিকিৎসা সন্থাই আহ্বান জনোৱা ৰাষ্ট্ৰীয় প্ৰতিবাদী কাৰ্যসূচী অসমতো পালন কৰা হয়৷ ৰাজ্যৰ চৰকাৰী-বেচৰকাৰী সকলো চিকিৎসালয় আৰু প্ৰতিষ্ঠানতে সকলো চিকিৎসকে যোৱা ১৮ জুনত ক’লা বেজ, মাস্ক আদি পৰিধান কৰাৰ লগতে বেনাৰ, প্লেকাৰ্ড প্ৰদৰ্শন কৰি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰে৷ অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত কভিডৰ সেৱাত ব্ৰতী চিকিৎসক তথা স্বাস্থ্যকৰ্মী গণআক্ৰমণৰ বলি হোৱাৰ ঘটনাই চিকিৎসক সমাজক বাৰুকৈয়ে চিন্তিত আৰু হতাশাগ্ৰস্ত কৰি তুলিছে৷ সমগ্ৰ দেশ জোকাৰি যোৱা হোজাইৰ উদালি-কাণ্ডৰ পাছতো অসমত যোৱা এসপ্তাহৰ ভিতৰত কেইবাখনো চাহ বাগিচাত চাৰিটাকৈ চিকিৎসক নিগ্ৰহৰ ঘটনা ঘটিছে৷ চৰকাৰক চিকিৎসকসকলৰ মানসিক তথা শাৰীৰিক যন্ত্ৰণাক উপলব্ধি কৰি ভাৰতীয় দণ্ডবিধিৰ অধীনত দেশৰ সকলো চিকিৎসক, চিকিৎসাকৰ্মী, চিকিৎসা প্ৰতিষ্ঠান আদিৰ নিৰাপত্তাৰ বাবে এখন অতি শক্তিশালী কেন্দ্ৰীয় আইন প্ৰৱৰ্তন কৰা, প্ৰতিখন চিকিৎসালয়ৰ মানদণ্ডৰ উন্নীতকৰণ তথা সুৰক্ষা ব্যৱস্থাৰ অধিক উন্নতি কৰা, প্ৰতিখন চিকিৎসালয়ক সুৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰা আৰু দোষীক কঠোৰ আইনৰ অধীনত ফাষ্ট ট্ৰেক আদালতত শাস্তি  দিয়াৰ দাবী জনোৱা হৈছে৷ ভাৰতীয় চিকিৎসা সন্থাৰ অসম ৰাজ্যিক শাখাৰ এই প্ৰতিবাদক সমৰ্থন কৰি সমাজৰ কেইবাজনো বিশিষ্ট ব্যক্তি তথা শিল্পীয়ে চিকিৎসক নিগ্ৰহৰ ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰে আৰু ইয়াৰ এটা স্থায়ী সমাধানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায়৷ লগতে এনে লজ্জাজনক সামাজিক ব্যাধিক অনতিপলমে সমাজৰ পৰা মষিমূৰ কৰি চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলক এক সুন্দৰ নিৰাপদ পৰিৱেশৰ সৃষ্টি কৰি অধিক মনোযোগেৰে স্বাস্থ্য সেৱাত ব্ৰতী হোৱাৰ সুবিধা কৰি দিবলৈ অনুৰোধ জনাইছে ভাৰতীয় চিকিৎসা সন্থাৰ অসম ৰাজ্যিক শাখাৰ অধ্যক্ষ ডাঃ সত্যজিৎ বৰা আৰু অবৈতনিক সম্পাদক ডাঃ শিখা শৰ্মাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here