ভেলোৰৰ শ্ৰীনাৰায়ণী হাস্পতালত আৰ্থিকভাৱে দুৰ্বল পৰিয়ালে পাব অত্যাধুনিক চিকিৎসা সেৱা

0
1687
তামিলনাডুৰ ভেলোৰৰ আগশাৰীৰ চিকিৎসানুষ্ঠান শ্ৰীনাৰায়ণী হাস্পতাল এণ্ড ৰিছাৰ্চ চেণ্টাৰত অসমৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ৰোগীয়ে এতিয়াৰে পৰা অত্যাধুনিক চিকিৎসা সেৱা লাভ কৰিব৷ অসম চৰকাৰৰ অভিলাষী স্বাস্থ্য নিশ্চয়তা আঁচনি অটল অমৃত অভিযানৰ অধীনত ৰাজ্যৰ দুখীয়া পৰিয়ালৰ লোকক সুলভ চিকিৎসা সেৱা প্ৰদানকাৰী চিকিৎসালয়সমূহৰ তালিকাত নতুনকৈ অন্তৰ্ভুক্ত হ’ল ভেলোৰৰ শ্ৰীপুৰমস্থিত এই ছুপাৰস্পেচিয়েলিটি চিকিৎসালয়খন৷ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু গুৱাহাটী উন্নয়ন-নগৰাঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালৰ লগতে বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উপস্থিতিত অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু শ্ৰীনাৰায়ণী হাস্পতাল এণ্ড ৰিছাৰ্চ চেণ্টাৰৰ মাজত আনুষ্ঠানিকভাৱে এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়৷ এক অনুষ্ঠানত অটল অমৃত অভিযানৰ কৰ্তৃত্বশীল স্বাক্ষৰকাৰী আৰু শ্ৰীনাৰায়ণী হাস্পতাল এণ্ড ৰিছাৰ্চ চেণ্টাৰৰ হৈ চিকিৎসালয়খনৰ সঞ্চালক ড॰ এন বালাজীয়ে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে৷ অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী মহন্তই প্ৰকাশ কৰে যে এই বুজাবুজি চুক্তি সম্পাদনৰ জৰিয়তে অসমৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ৰোগীৰ বাবে এতিয়াৰে পৰা সুদূৰ ভেলোৰত হৃদৰোগ, কৰ্কট, স্নায়ুৰোগ, ইউৰ’লজিৰ লগতে বৃক্ক সংস্থাপনৰ ক্ষেত্ৰত অত্যাধুনিক চিকিৎসা সেৱা লাভ কৰাটো অধিক সুচল আৰু সহজসাধ্য হৈ উঠিব৷ লক্ষণীয় যে ভেলোৰৰ শ্ৰীশক্তি আম্মা হেল্‌থ কেয়াৰ ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত হৈ আহিছে এই ব্যক্তিগত চিকিৎসালয়খন৷ মন্ত্ৰীজনে ৰাজ্যৰ দুখীয়া ৰাইজৰ বাবেও জটিল ৰোগৰ ক্ষেত্ৰত ব্যয়বহুল চিকিৎসা লাভ কৰাটো নিশ্চিতকৰণৰ দিশত স্বাস্থ্য বিভাগৰ এই আঁচনিখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে৷ উল্লেখ্য যে ৰাজ্যখনৰ দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ আৰু বছৰি ৫ লাখ টকাতকৈ কম উপাৰ্জন সামৰ্থ্যৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ লোকৰ বাবে সাধাৰণতে হোৱা হৃদজনিত ৰোগ, কৰ্কট, বৃক্ক ৰোগ, স্নায়ু ৰোগ, নৱজাতকৰ ৰোগসমূহ আৰু জুয়ে পোৰাসহ এই  ৬টা অধিক ব্যয়সাপেক্ষ ৰোগৰ চিকিৎসা লাভ কৰাটো সুলভ আৰু সহজসাধ্য কৰি তোলাৰ বাবে অসম চৰকাৰে এনে পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ বাবে বছৰি ২ লাখ টকাপৰ্যন্ত চিকিৎসা ব্যয় বহনৰ ব্যৱস্থাৰে অটল অমৃত অভিযান নামৰ স্বাস্থ্য সুৰক্ষা নিশ্চিতিৰ আঁচনিখন ৰূপায়ণ কৰি আহিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here