প্ৰতিবেদন : ভাৰতক বিশ্বৰ ‘কৰ্কট ৰোগৰ ৰাজধানী’ আখ্যা

0
34


স্বাস্থ্য ক্ষেত্ৰৰ শেহতীয়া এক প্ৰতিবেদনে দেশত কৰ্কট ৰোগীৰ সংখ্যা আকাশলংঘী হোৱাকে ধৰি অসংক্ৰমণীয় ৰোগৰ ভয়াৱহ প্ৰৱণতা প্ৰকাশ কৰিছে৷ বিশ্ব স্বাস্থ্য দিৱসৰ দিনা প্ৰকাশ পোৱা চতুৰ্থ ‘এপ’ল’ হস্পিটেলছ হেল্‌থ অব্‌ নেশ্যন ৰিপৰ্ট’ত ভাৰতক ‘কৰ্কট ৰোগৰ ৰাজধানী’ আখ্যা দিয়া হৈছে৷ প্ৰতিবেদনখনৰ মতে ভাৰতৰ প্ৰতি তিনিজন লোকৰ ভিতৰত এজন প্ৰি-ডায়েবেটিক অৰ্থাৎ স্বাভাৱিকতকৈ ব্লাড ছুগাৰ লেভেল বেছি, কিন্তু টাইপ ২ ডায়েবেটিছ বা বহুমূত্ৰ ৰোগ নহয়, তিনিজনৰ ভিতৰত দুজন প্ৰি-হাইপাৰটেনছিভ আৰু ১০জনৰ ভিতৰত এজন ডিপ্ৰেছনত ভোগে৷ কৰ্কট, বহুমূত্ৰ, হাইপাৰটেনশ্যন, হৃদৰোগ আৰু মানসিক ৰোগৰ দৰে অসংক্ৰমণীয় ৰোগৰ প্ৰাবল্য বৃদ্ধি পাই বিপজ্জনক পৰ্যায় পাইছেগৈ৷ এইবোৰৰ ভিতৰত বিশেষ উদ্বেগৰ কাৰণ হৈছে কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি৷ ভাৰতত কৰ্কট ৰোগীৰ হাৰে বিশ্বৰ হাৰকো চেৰ পেলাইছে আৰু ভাৰতক ‘বিশ্বৰ কৰ্কট ৰোগৰ ৰাজধানী’ কৰিছে৷ প্ৰতিবেদনত স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত সম্ভাৱনীয় সংকটৰ কথা সতৰ্ক কৰি দিয়া হৈছে, কাৰণ কম বয়সতে প্ৰি-ডায়েবেটিক, প্ৰি-হাইপাৰটেনশ্যন আৰু মানসিক ৰোগ দেখা গৈছে৷ ভাৰতত মহিলাৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত স্তনৰ , গ্ৰীবাৰ আৰু ডিম্বাশয়ৰ কৰ্কট বেছি৷ আনহাতে পুৰুষৰ ক্ষেত্ৰত হৈছে হাঁওফাঁওৰ, মুখৰ আৰু মূত্ৰাশয়ৰ কৰ্কট বেছি৷ লক্ষণীয় যে ভাৰতত কৰ্কট ৰোগ নিৰ্ণয়ৰ গড় বয়স আন দেশতকৈ কম, তথাপি দেশত স্ক্ৰীনিঙৰ বা লক্ষণ নাথাকোতে ৰোগৰ পৰীক্ষা হাৰ অতি কম৷ প্ৰতিবেদনখনৰ মতে ভাৰতীয়ৰ মাজত মেদবহুলতা, হাইপাৰটেনশ্যন আৰু টোপনিৰ সময়ত শ্বাসকষ্ট ৰোগ লক্ষণীয়ভাৱে বৃদ্ধি পাইছে৷ ২০১৬ চনত মেদবহুলতা ৯ শতাংশ থকাৰ বিপৰীতে ২০২৩ চনত ২০ শতাংশ হয়৷ এই সময়ছোৱাত হাইপাৰটেনশ্যন ৰোগীৰ সংখ্যা ৯ শতাংশৰ পৰা ১৩ শতাংশলৈ বৃদ্ধি পায়৷ প্ৰতিবেদনখনৰ মতে বহুসংখ্যক ভাৰতীয়ৰ অবষ্ট্ৰাকটিভ শ্লীপ এপনীৰ বিপদাশংকা আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here