চৰ-চাপৰিৰ মুছলমান লোকৰ জনসংখ্যা নিয়ন্ত্ৰণত ৰাজ্য চৰকাৰৰ পদক্ষেপ

0
1540
জনসংখ্যা বিস্ফোৰণৰ প্ৰতি লক্ষ্য ৰাখি চৰ-চাপৰিত বসবাস কৰা মুছলমান সমাজত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব বিশেষ ব্যৱস্থা৷  মুছলমান লোকৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক হোৱাত সামাজিক-অৰ্থনৈতিক ব্যৱস্থাত অহা জটিলতাৰ বাবে ৰাজ্য চৰকাৰে নতুন নতুন ব্যৱস্থা হাতত লোৱাৰ কথা ঘোষণা কৰিছে৷ কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদে চৰ-চাপৰিৰ মুছলমান লোকৰ ক্ৰমবৰ্ধমান জনসংখ্যা নিয়ন্ত্ৰণলৈ আনিবলৈ কেতবোৰ পৰামৰ্শৰে অসম বিধানসভাত এটা প্ৰস্তাৱ উত্থাপন কৰিছিল৷ কংগ্ৰেছৰ বিধায়কজনে উত্থাপন কৰা প্ৰস্তাৱটো ৰাজ্য চৰকাৰে গ্ৰহণ কৰাত সন্মতি দিয়ে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷
Assam's Proposed Two-Child Policy Reflects the Anti-Minority Agenda at Play Across India

মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে চৰ-চাপৰি এলেকাৰ মুছলমানসকলৰ ক্ৰমবৰ্ধমান জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে মহিলাসকলক গৰ্ভধাৰণৰ পৰা আঁতৰাই ৰাখিবলৈ সামগ্ৰী যোগান, সজাগতা সৃষ্টিৰ বাবে ১০ হাজাৰ অতিৰিক্ত আশা কৰ্মী নিয়োগ কৰা হ’ব৷ একেদৰে চৰ-চাপৰিৰ এক হাজাৰ যুৱকৰ দ্বাৰা ‘পপুলেশ্যন আৰ্মি’ গঠন কৰা হ’ব৷ এই অতিৰিক্ত আশা কৰ্মী আৰু পপুলেশ্যন আৰ্মিয়ে চৰ-চাপৰিৰ মুছলমান সমাজত হোৱা জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কাম কৰিব৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ১৯৯১ চনৰ পৰা ২০১১ চনৰ লোক পিয়লৰ তথ্য উল্লেখ কৰি কয় যে এই সময়ছোৱাত অসমত মুছলমান লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ যাৰ ফলত মানুহ বনাঞ্চলতো বাস কৰিবলৈ লৈছে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আৰু কয় যে নামনি অসম বা মধ্য অসমত জনবসতিৰ ঘনত্ব বেছি৷ চৰ অঞ্চলত শিক্ষানুষ্ঠানত জন্ম নিয়ন্ত্ৰণত সজাগতা সৃষ্টিৰ সজাগতা গ্ৰহণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়৷ তেওঁ কয় যে মুছলমান মহিলাসকলৰ মাজত আত্মনিৰ্ভৰশীলতা বঢ়াব লাগিব, বিবাহৰ বয়স বৃদ্ধি কৰিব লাগিব৷ উল্লেখ্য যে কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদে শিক্ষাৰ প্ৰসাৰ ঘটাই, বাল্য বিবাহ ৰোধ কৰি চৰ-চাপৰিত বসবাস কৰা মুছলমান লোকসকলৰ মাজত জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ লগতে চৰকাৰী আৰু বেচৰকাৰী খণ্ডত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি জনসংখ্যা অনুপাতে সংৰক্ষণৰ প্ৰস্তাৱ উত্থাপন কৰিছিল৷ প্ৰস্তাৱটোৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে চাকৰি যিহেতু জনসংখ্যা অনুপাতে নহয়, সেয়েহে চাকৰিৰ বিষয়টো বাদ দি জনসংখ্যা নিয়ন্ত্ৰণক লৈ উত্থাপিত প্ৰস্তাৱটো গ্ৰহণ কৰাত মুখ্যমন্ত্ৰীয়ে সন্মতি দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here