আম খোৱাৰ পাছতেই ভুলতো এইবোৰ নাখাব

0
1122
বতৰৰ ফল আমক ফলৰ ৰজা বুলি কোৱা হয়৷ আম সুস্বাদু হোৱাৰ লগতে নানা পুষ্টিগুণেৰে সমৃদ্ধ৷ ইয়াত প্ৰচুৰ পৰিমাণে কেৰোটিন, ভিটামিন-B, ভিটামিন-C, আইৰন, কেলচিয়াম আৰু খনিজ লৱণ পোৱা যায়, যি আমাৰ শৰীৰৰ বাবে খুব উপকাৰী৷ কিন্তু এটা কথা মনত ৰাখিব যে যিকোনো খাদ্যৰ সৈতে আম একেলগে খাব নালাগে বা আম খোৱাৰ পাছতেই কিছুমান খাদ্য খালে আমাৰ উপকাৰতকৈ অপকাৰহে হ’ব পাৰে৷ সেয়ে জানো আহক আম খোৱাৰ পাছত কি খাদ্য খাব নালাগে, যিয়ে আমাৰ শৰীৰৰ অপকাৰ সাধন কৰে৷

(১) আম খোৱাৰ পাছত পানী কেতিয়াও নাখাব৷ ইয়াৰ ফলত গেছ, এচিডিটিৰ সমস্যাই দেখা দিব পাৰে৷ আম খোৱাৰ পাছত পানী খালে পেটৰ বিষ হোৱাৰ সম্ভাৱনা থাকে৷ সেয়েহে আম খোৱাৰ অন্ততঃ আধা ঘণ্টা পাছত পানী খাব লাগে৷


(২) আমৰ সৈতে বা খোৱাৰ ঠিক পাছতেই দৈ কেতিয়াও খাব নালাগে৷ আম আৰু দৈ একেলগে খালে শৰীৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে৷ শৰীৰত এলাৰ্জিৰ সমস্যা বাঢ়িব পাৰে৷ হজমত ব্যাঘাত জন্মিব পাৰে৷ ইয়াৰ উপৰি পাকস্থলীত বিষক্ৰিয়াৰ সৃষ্টি কৰি ডায়েৰিয়াজাতীয় ৰোগৰ সৃষ্টি কৰিব পাৰে৷


(৩) আম খোৱাৰ সময়ত কেতিয়াও জ্বলা বা মছলাযুক্ত খাদ্য খাব নালাগে৷ ইয়াৰ ফলত বদহজম হোৱাৰ সম্ভাৱনা থাকে৷

Carabao (mango) - Wikipedia


(8)Soft drinksৰ সৈতে আম একেলগে নাখাব৷ ছফ্‌ট ড্ৰিংক্‌ছ আৰু আমত প্ৰচুৰ পৰিমাণে শৰ্কৰা থাকে৷ যাৰ ফলত শৰীৰত শৰ্কৰাৰ পৰিমাণ বাঢ়ি যায়৷ ফলত মধুমেহ ৰোগীৰ বাবে সমস্যাই দেখা দিব পাৰে৷


(৫) আম খোৱাৰ পাছত খাদ্যৰ সৈতে কেৰেলা খাব নালাগে৷ এই দুবিধ একেলগে খালে বমি হোৱাৰ সম্ভাৱনা থাকে৷ একেলগে আম আৰু কেৰেলা খালে বমিৰ লগতে শ্বাস-প্ৰশ্বাসতো বিৰূপ প্ৰভাৱ পেলাব পাৰে৷


আম যদিও ফলৰ ৰজা৷ ইয়াৰ সৈতে উপৰিউক্ত খাদ্যবোৰ খালে শৰীৰৰ উপকাৰৰ বিপৰীতে অপকাৰহে হোৱাৰ সম্ভাৱনা বাঢ়ে৷ সেয়েহে পৰাপক্ষত আপুনি এইবোৰ খাদ্য একেলগে সেৱন নকৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here