ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

0
378


বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে আন কিবা আছিল ইয়াৰ উত্তৰ বিচাৰি আছিল৷ এই বিষয়ে কৰা এক গৱেষণাত পোৱা গৈছে যে নক্ষত্ৰ সৃষ্টিৰ আগতে বিশ্বব্ৰহ্মাণ্ডত পানী পোৱা গৈছিল৷ বিজ্ঞানীসকলে উত্তৰ চিলিত থকা অটাকামা লাৰ্জ মিলিমিটাৰ এৰে অব টেলিস্কোপৰ জৰিয়তে পৃথিৱীৰ পৰা ১৩০০ আলোকবৰ্ষ দূৰৈত এটা কম বয়সৰ নক্ষত্ৰ আৱিষ্কাৰ কৰে৷ এই নক্ষত্ৰটোৰ নাম ৰখা হয় ভি ৮৮৩ অৰিয়’নিছ৷ এই নক্ষত্ৰটোৰ চাৰিওফালে গেছ আৰু ধূলি ডিস্ক আছে৷ গৱেষকসকলে গ্ৰহ সৃষ্টি কৰা এই ডিস্কৰ ৰাসায়নিক সংকেত জোখাৰ বাবে উক্ত দূৰবীণ ব্যৱহাৰ কৰিছিল৷ তেওঁলোকে মহাকাশত গেছৰ ৰূপত পানী আৰু জলীয় বাষ্প থকাৰ প্ৰমাণ লাভ কৰে৷ এই গৱেষণাৰ জৰিয়তে বিজ্ঞানীসকলে পানীয়ে কেনেকৈ নক্ষত্ৰ সৃষ্টিৰ পৰা গ্ৰহৰ উৎপত্তি হোৱালৈ সহায় কৰে, সেই কথা জানিব পাৰিব৷ নেচাৰ নামৰ জাৰ্নালখনত বিজ্ঞানীসকলে এইবুলি মত প্ৰকাশ কৰিছে যে সূৰ্যৰ গ্ৰহ সৃষ্টি কৰা ডিস্কৰ পৰা সৃষ্টি হোৱা ধূমকেতুৱে পৃথিৱীলৈ পানী আনে৷ বিজ্ঞানীসকলে এইবুলিও মত ব্যক্ত কৰে যে সম্ভৱতঃ আমাৰ পৃথিৱীত পোৱা পানী সূৰ্যৰ উৎপত্তিৰো আগৰ৷ আনহাতে নতুনকৈ আৱিষ্কাৰ হোৱা ভি ৮৮৩ অৰিয়’নিছত পোৱা পানীত অলপ পাৰ্থক্য দেখা পাইছে৷ এই নক্ষত্ৰটোৰ ডিস্কত যথেষ্ট পানী থকাৰ তথ্য লাভ কৰিছে বিজ্ঞানীয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here