বিশাল অট্টালিকাৰ ভৰে বছৰিদুই মিঃমিঃলৈ বহাইছে নিউয়ৰ্কক

0
663


নিউয়ৰ্ক চহৰখন বছৰি অহৰহ তললৈ বহি যাবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ প্ৰধান কাৰণ হ’ল মহানগৰখনত বছৰি ক্ৰমবৰ্ধমান গতিত বৃহৎ বৃহৎ অট্টালিকা নিৰ্মাণ কৰাটো৷ এই ওখ ওখ অট্টালিকাবোৰে মহানগৰখনত তললৈ বহি যোৱাত অৰিহণা যোগাইছে৷ কোনো এক মহানগৰ ইয়াত অত্যধিক ভৰৰ বাবে বহি যোৱাৰ তথ্য প্ৰথমবাৰৰ বাবে লাভ কৰিছে বিজ্ঞানীয়ে৷ বিজ্ঞানীসকলে লাভ কৰা তথ্য অনুসৰি নিউয়ৰ্ক চহৰখন প্ৰতিবছৰে ১-২ মিলিমিটাৰ তললৈ বহি গৈছে৷ আনহাতে মহানগৰখনৰ কিছুমান এলেকা ক্ষিপ্ৰগতিত তললৈ বহি যাবলৈ আৰম্ভ কৰিছে৷ এই সকলোবোৰ সাধাৰণতে দ এলেকা৷ ইউ এছ জি এছৰ ভূতত্ত্ববিদ টম পাৰ্ছনছ আৰু ৰোজ আইলেণ্ড বিশ্ববিদ্যালয়ৰ তেওঁৰ সহযোগীসকলে কয় যে সমুদ্ৰৰ পাৰত প্ৰাচীৰ নিৰ্মাণে মহানগৰখনৰ ওজন বৃদ্ধি কৰিব৷ তেওঁলোকে কৰা অধ্যয়নটোৰ উদ্দেশ্য আছিল সমুদ্ৰ, নদী আৰু হ্ৰদৰ পাৰত থকা ডাঙৰ ডাঙৰ অট্টালিকাবোৰৰ তলৰ ভূমি যে বহি গৈছে, সেই বিষয়ে সকলোকে জনোৱাটো৷ গৱেষকৰ দলটোৰ মতে মানুহে বৃহৎ বৃহৎ অট্টালিকা নিৰ্মাণ কৰি পৃথিৱীৰ উপৰিভাগৰ ওজন বৃদ্ধি কৰিছে৷ তেওঁলোকে লগতে এই কথাও প্ৰকাশ কৰিছে যে তলত বোকা মাটি থকা ভূভাগ তললৈ বহি যোৱাৰ সম্ভাৱনা বেছি থাকে৷ বিশেষকৈ এনে মাটিত অট্টালিকা নিৰ্মাণ কৰাৰ বাবে এই আশংকা দুগুণে বৃদ্ধি পাইছে৷ এনে কাৰণতে নিউয়ৰ্কৰ উপৰি ছেন ফ্ৰান্সিছকো, ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাও তললৈ বহি যোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here