স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

0
256

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য উদঘাটনৰ বাবে বছৰৰ পাছত বছৰ অনুসন্ধানকাৰী দলে এই উপত্যকাত খোজ পেলাইছে৷ জনশ্ৰুতি মতে ইয়ালৈ যাওঁতাই আৰু ঘৰলৈ আহিবলৈ সক্ষম হোৱা নাই৷ ৰহস্য গোন্ধ থকা এই উপত্যকাক বহুতেই পূবৰ বাৰমুডা ট্ৰায়েংগল বুলিও ক’ব খোজে৷ ধাৰণা কৰা মতে বাৰমুডা ট্ৰায়েংগলৰ দৰে ইয়াতো লুকাই আছে বহুতো অজানা কথা৷ ইয়ালৈ আহিলেই মানুহ হেৰাই যায়– কিয়? তাৰ উত্তৰ এতিয়াও পৰ্দাৰ আঁৰত৷ উল্লেখ্য যে উত্তৰ আটলাণ্টিক মগাসাগৰৰ পশ্চিম দিশত আছে এই বাৰমুডা ট্ৰায়েংগল৷ এই অঞ্চলত বহু জাহাজ তথা বিমান ৰহস্যজনকভাৱে অন্তৰ্ধান হৈছে৷ এই বিমান বা জাহাজবোৰৰ কোনো চিহ্ন বা চিনচাব পোৱা নাযায়৷ বহু ক্ষেত্ৰত ছাংগ্ৰিলাও এই বাৰমুডা ট্ৰায়েংগলৰ দৰেই৷ তাতো নজনাকৈয়ে আছে বহু গোপন ৰহস্য৷ বহুতৰে ভ্ৰান্ত ধাৰণা এটা আছে যে ইয়াত আত্মাই বাস কৰে৷ স্বৰ্গ আৰু মৰ্ত্যৰ মাজত সংযোগ স্থাপন কৰে এই উপত্যকাই৷ ইয়ালৈ গ’লেই মানুহ ইহজগতৰ পৰা উৰা মাৰে কৰ্পূৰৰ দৰে৷ কিন্তু আধুনিক বিশ্বায়নৰ যুগত এইবোৰৰ বিশ্বাসযোগ্য কোনো ভিত্তি নাই৷ মন কৰিবলগীয়া যে তিব্বত আৰু অৰুণাচল প্ৰদেশৰ সীমাত কোনো এক অঞ্চলত এই ছাংগ্ৰিলা উপত্যকা৷ কোনোৱে এই উপত্যকাক অন্য গ্ৰহ বা জগতলৈ প্ৰস্থানৰ পথ বা দৰ্জা বুলিও কয়৷ এই ছাংগ্ৰিলা উপত্যকাক শম্ভলা বা সিদ্ধ আশ্ৰম বুলিও জনা যায়৷ এই লৈ লেখক অৰুণ শৰ্মাই তেওঁৰ ‘ডেট মিছটেৰিয়াছ ভেলী অব তিব্বেত’ নামৰ কিতাপখনত উল্লেখ কৰিছে৷ শৰ্মাৰ মতে ছাংগ্ৰিলা উপত্যকাৰ অস্তিত্ব আছে৷ তাত গ’লে মন, মস্তিষ্ক আৰু চিন্তা-ভাবনা উচ্চ শিখৰত অৱস্থান কৰে৷ সেয়ে কোনেও তাৰ পৰা আঁতৰি আহিবলৈ নিবিচাৰে৷ এই উপত্যকাত সময়তে একো প্ৰভাৱ পেলাব নোৱাৰে৷ আনকি সময়েয়ো ইয়াত থমকি ৰয়৷ সেয়েহে এই উপত্যকা বিষয়ে জানিবলৈ বহুল ভিত্তিত অধ্যয়নৰ আৱশ্যকতা আছে৷ তেতিয়াহে ইয়াৰ ৰহস্য ভেদ কৰিব পৰা যাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here