ভাৰত হৈছে বিশ্বৰ সৰ্ববৃহৎ চাউল ৰপ্তানিকাৰী দেশ

0
210

ইণ্টিগ্ৰা এছেণ্টিয়া লিমিটেডে উত্তৰ প্ৰদেশৰ বৰেলিত থকা চাউল সংশোধীকৰণ প্ৰকল্প অধিগ্ৰহণ কৰিছে৷ প্ৰতিষ্ঠানটোৰ ইতিমধ্যে থকা ব্যৱসায় প’ৰ্টফলিঅ’ৰ বৰ্তমানৰ স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই চাউল সংসাধিকৰণ প্ৰকল্পটো অধিগ্ৰহণ কৰা হৈছে৷ অধিগ্ৰহণ কৰা প্ৰকল্পটোত এতিয়া এছেণ্টিয়া লিমিটেডে ৬৬ শতাংশ অংশীদাৰিত্ব দখল কৰিব৷ ঘৰুৱা বজাৰৰ লগতে ৰপ্তানি বজাৰসমূহৰ বাবে প্ৰিমিয়াম চাউল উৎপাদনৰ বাবে প্ৰয়োজনীয় সকলো অনুজ্ঞা-পত্ৰ আৰু প্ৰমাণ-পত্ৰসহ ইতিমধ্যে পৰিচালন হৈ আছে৷ এই অত্যাধুনিক প্ৰকল্পটো জাপান আৰু আমেৰিকাৰ পৰা অনা ষ্টেট অব্‌ দ্য আৰ্ট সৰঞ্জামেৰে সুসজ্জিত, য’ত ২১,০০০ মেট্ৰিক টন ৰপ্তানিযোগ্য উন্নতমানৰ চাউল উৎপাদনৰ ক্ষমতা আছে৷ ইণ্টিগ্ৰাই চাউলৰ ব্যৱসায়ত সংসাধিকৃত চাউল সংগ্ৰহ কৰি আহিছিল আৰু এতিয়া এই সংসাধিকৰণ প্ৰকল্প অন্তৰ্ভুক্তিকৰণেৰে গুণগত মানৰ চাউলৰ বজাৰ নিয়ন্ত্ৰণ কৰিব পাৰিব ইণ্টিগ্ৰাই আৰু লগতে ১৫ানিৰ ক্ষেত্ৰতো স্থিতি শক্তিশালী কৰিব পাৰিব৷ ২১.৫ নিযুত টন চাউল ৰপ্তানিৰে ভাৰত হৈছে বিশ্বৰ সৰ্ববৃহৎ চাউল ৰপ্তানিকাৰী দেশ৷ এই পৰিমাণ ভাৰতৰ পিছতে থকা আন ৪খন চাউল ৰপ্তানিকাৰী দেশৰ সামগ্ৰিক ৰপ্তানিতকৈ অধিক৷ তদুপৰি বছৰি ১২০ নিযুত টন চাউল উৎপাদনেৰে ভাৰত হৈছে বিশ্বৰ ভিতৰতে দ্বিতীয় বৃহৎ চাউল উৎপাদনকাৰী দেশ আৰু উত্তৰ প্ৰদেশ হৈছে ভাৰতৰ দ্বিতীয় বৃহৎ চাউল উৎপাদনকাৰী ৰাজ্য, য’ত বছৰি উৎপাদন কৰা হয় ১৫.৬০ নিযুত টন চাউল৷ ইণ্টিগ্ৰা এছেণ্টিয়া লিমিটেড হৈছে দিল্লীস্থিত প্ৰতিষ্ঠান, যি খাদ্য সামগ্ৰী, বস্ত্ৰ, আন্তঃগাঁথনি আৰু শক্তি আৰু আধুনিক জীৱন যাপনৰ বাবে প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী নিৰ্মাণৰ সৈতে জড়িত হৈ আহিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here