নিমপাতেৰে ছালৰ বিভিন্ন সমস্যাত কেনেকৈ নিৰাময় কৰিব

0
1197

ঔষধি গুণসম্পন্ন গছৰ ভিতৰত নিম গছৰ স্থান অন্যতম৷ নিমৰ পাতক এণ্টিছেপটিক হিচাপেও বিবেচনা কৰা হয়৷ নিমৰ গুণাগুণৰ কথা বিবেচনা কৰিয়েই  নিমক একৈশ শতিকাৰ বৃক্ষ বুলি ঘোষণা কৰা হৈছে৷ শৰীৰৰ অন্য অংগৰ লগতে ছালৰ বিভিন্ন সমস্যা নিৰ্মূল কৰাত নিম বিশেষভাৱে কাৰ্যকৰী৷ ছালৰ বিভিন্ন সমস্যাত নিম পাতক কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক৷
শালমইনা হ’লে নিম পাত আৰু কমলাৰ বাকলি পানীত সিজাই ঠাণ্ডা হোৱাৰ পাছত মিক্সিত ব্লেণ্ড কৰি এটা পেষ্ট তৈয়াৰ কৰি ল’ব লাগে৷ এতিয়া এই পেষ্টটোত অলপ মৌ আৰু নেমুৰ ৰস মিশ্ৰণ কৰি সপ্তাহত দুবাৰ ব্যৱহাৰ কৰিলে শালমইনাবিহীন এখন উজ্জ্বল ছালৰ গৰাকী হ’ব পাৰিব৷
হোৱাইট হেড, ব্লেক হেড সকলো ধৰণৰ সমস্যা নিৰ্মূল কৰিব পাৰে নিম পাতে৷ ইয়াৰ বাবে নিম পাতৰ গুড়ি, সামান্য হালধিৰ গুড়ি আৰু পানীৰে তৈয়াৰী পেষ্ট আক্ৰান্ত অংশত লগাই কুহুমীয়া পানীৰে ধুই পেলাব লাগে৷
এনেধৰণে তৈয়াৰ কৰা পেষ্টে ডাৰ্ক স্পট্‌ছ, ছাল ৰঙা পৰা, ব্লেমিষ্ট আদি সমস্যাও নিৰাময় কৰে৷
নিম পাত সিজোৱা পানীৰে গা ধুলে ছালত হোৱা খৰ-খজুৱতি আদি ভাল হয়৷
ইয়াৰ উপৰি নিম পাতত থকা এণ্টিবেক্টেৰিয়েল উপাদানে উফিৰ সমস্যা, দেহত পৰা বয়সৰ চাপ, বিভিন্ন এলাৰ্জিক ইনফেক্‌শ্যন আদি দূৰ কৰাতো সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here