বছৰি ভাৰতীয়ৰ কিমান খাদ্য অপচয় হয় জানেনে ?

0
242

ৰাষ্ট্ৰসংঘৰ ফুড ৱাষ্ট ইনডেক্সত প্ৰকাশিত এক তথাই পুনৰবাৰ দেশৰ জনসাধাৰণক ভবাই তুলিছে৷ ৰাষ্ট্ৰসংঘ
ৰ ফুড ৱাষ্ট ইনডেক্স শীৰ্ষক এক প্ৰতিবেদনত পোহৰলৈ আহিছে যে ভাৰতীয়সকলে প্ৰতিবছৰে ৬,৮৭,৬০,১৬৩ টন খাদ্য অপচয় কৰি আহিছে৷ স্বাভাৱিকতে ই এক অতি উদ্বেগজনক তথ্য হিচাপে পৰিগণিত হৈছে৷ যিটো সময়ত দেশৰ কোটি কোটি জনতা এসাঁজ খাদ্যৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে, দিনৰ দিনতো এমুঠি খাদ্য বিচাৰি অনাই-বনাই ঘূৰিছে, তেনে সময়ত খাদ্য অপচয়ৰ এই উদ্বেগজনক খবৰে হতাশাৰ সৃষ্টি কৰিছে৷ কৰ’না মহামাৰীৰ সময়ত যেতিয়া দেশৰ কোটি কোটি জনতা খাদ্যৰ সংকটৰ পৰি ক্ষুধাৰ সন্মুখীন হ’বলগীয়া হৈছিল, এমুঠি অন্নৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল, সেই সময়ত চৰকাৰে দৰিদ্ৰ কল্যাণ আঁচনি প্ৰৱৰ্তন কৰি দেশৰ ভোকাতুৰ জনসাধাৰণক অন্নৰ যোগান ধৰিছিল৷ এনেকৈয়ে জনতাৰ ক্ষুধাৰ সংকট দূৰ হৈছিল৷ কিন্তু ৰাষ্ট্ৰসংঘৰ
 ফুড ৱাষ্ট ইনডেক্সত প্ৰকাশিত প্ৰতিবেদনৰ গুৰুত্বতা যদি অৱহেলা কৰা হয়, অদূৰ ভৱিষ্যতে দেশৰ কোটি কোটি জনতা পুনৰ খাদ্যৰ সংকট পৰিব৷ ইয়াৰ ফল যে দেশৰ নাগৰিকে ভোগ কৰি লাগিব, সেয়া ধুুৰুপ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here