ভাৰত পালেহি বিশ্বত্ৰাস অমিক্ৰন || Global terror Omicron is now in India!

0
476
ভাৰতত দুজন ব্যক্তিৰ দেহত ক’ভিড-১৯ৰ অমিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমণ হোৱা ধৰা পৰিছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে এই কথা কয়৷ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা অমিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমণ ভাৰতত ধৰা পৰা এয়ে প্ৰথম৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব লৱ আগৰৱালে এখন সাংবাদমেলত কয় যে দুয়োজন আক্ৰান্ত ব্যক্তি ধৰা পৰিছে কৰ্ণাটকত৷ এজন ৰোগীৰ বয়স ৬৬ বছৰ আৰু আনজনৰ ৪৬ বছৰ৷ বেংগালুৰুৰ পৰা পোৱা বাতৰি মতে, অমিক্ৰনৰ সংক্ৰমণ হোৱা লোক দুজনৰ ভিতৰত এজন দক্ষিণ আফ্ৰিকাৰ নাগৰিক আৰু আনজন বেংগালুৰুৰ এখন চিকিৎসালয়ৰ এজন স্থানীয় চিকিৎসক ৷ ২২ নৱেম্বৰত তেওঁৰ কভিড পজিটিভ পোৱা গৈছিল, তেওঁৰ কোনো ট্ৰেভেল হিষ্টৰি নাছিল৷ আনহাতে দক্ষিণ আফ্ৰিকাৰ নাগৰিকজন ইতিমধ্যে ভাৰতৰ পৰা গ’ল৷ বৃহৎ বেংগালুৰু মহানগৰ পালিকাই  কয় যে স্থানীয় লোকজনৰ সংস্পৰ্শলৈ অহা পাঁচজন লোকৰো ক’ভিড পজিটিভ পোৱা গৈছে আৰু তেওঁলোকৰ নমুনা জিনম ছিকুৱেন্সিঙৰ বাবে পঠিওৱা হৈছে৷  BBMP-ৰ মুখ্য আয়ুক্ত গৌৰৱ গুপ্তাই কয় যে দ্বিতীয়জন ব্যক্তিৰ নমুনা বিমান বন্দৰত সংগ্ৰহ কৰা হৈছিল আৰু পাছত ক’ভিড পজিটিভ পোৱা হয়৷ তেওঁৰ নমুনা জিনম ছিকুৱেন্সিঙৰ বাবে প্ৰেৰণ কৰা হয় আৰু  তেওঁৰ অমিক্ৰনৰ সংক্ৰমণ হোৱাটো নিশ্চিত হয়৷ দিল্লীত আগৰৱালে কয়  যে এই ৰোগী দুজনৰ সংস্পৰ্শলৈ অহা সকলো লোকক বিচাৰি উলিওৱা হৈছে আৰু তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে৷ তেওঁ কয় যে অমিক্ৰন ধৰা পৰাৰ কাৰণে আতংকিত হোৱাৰ প্ৰয়োজন নাই, কিন্তু সজাগতা অতি প্ৰয়োজনীয়৷ এইপৰ্যন্ত পোৱা ইংগিত মতে, অমিক্ৰন পূৰ্বৰ ভেৰিয়েণ্টবোৰতকৈ বেছি সংক্ৰামক৷ কিন্তু সেইবোৰতকৈ বেছি মাৰাত্মক বুলি এতিয়ালৈকে একো প্ৰমাণ পোৱা হোৱা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here