আলমণ্ড খোৱাৰ সঠিক নিয়ম জানেনে? Know the actual way of consuming almonds?

0
509
Dry Fruits-ৰ ভিতৰত আলমণ্ড অন্যতম৷ কাজু বাদাম, কাঠ বাদামৰ দৰে আলমণ্ডকো মানুহে খাই খুব ভাল পায়৷ ই খাবলৈ সোৱাদযুক্ত হোৱাৰ লগতে প্ৰচুৰ পৰিমাণৰ ভিটামিনেৰে সমৃদ্ধ৷ আলমণ্ডত ভিটামিন-E, ওমেগা-৩ ফেটি এচিড, প্ৰ’টিন আৰু অন্যান্য ডায়েটৰি ফাইবাৰ পোৱা যায় বাবে নিউট্ৰিয়াছ খাদ্যবোৰৰ ভিতৰত ই অন্যতম৷ পিছে আলমণ্ড খোৱাৰ কিছুমান নিয়ম আছে৷ সঠিক নিয়মত খালেহে আপুনি ইয়াৰ কাৰ্যকৰী ফল লাভ কৰিব পাৰিব৷

(১) আলমণ্ডৰ বাকলিত টেনিন নামৰ এক উপাদান থাকে, যিয়ে আলমণ্ডৰ গুণাগুণসমূহক শোষণত বাধা প্ৰদান কৰে৷ সেয়েহে ৰাতি আলমণ্ড ভিজাই থৈ পুৱা ইয়াৰ বাকলি গুচাই খাব লাগে৷

How to Blanch Almonds - The Easy Way to Skin Almonds


(২) আলমণ্ড ভাজি খালে ইয়াৰ হে’ল্‌থি ফেট্‌ছ আৰু অন্যান্য গুণ নষ্ট হৈ যায়৷ লগতে ভজা আলমণ্ডত এক্ৰিলেমাইড (Acrylamide) কেমিকেল উৎপন্ন হয়, যি শৰীৰৰ কাৰণে ক্ষতিকাৰক৷

Easy Pan-Roasted Tamari Almonds - Letty's Kitchen


(৩) কেঁচা আলমণ্ড হজম হ’বলৈ কঠিন হয়৷ সেয়ে ৰাতি ভিজাই থোৱা আলমণ্ড খালে সহজে হজম হয়৷

Soaked Almonds Are Great For Your Health! Start Adding Them To Your Diet Now


(৪) আলমণ্ড পুৱাই গ্ৰহণ কৰা উচিত৷ কিয়নো পুৱাৰ সময়ত সকলো নিউট্ৰিয়েন্‌ছ ভালকৈ শোষণ হয় আৰু গোটেই দিনটো পেট ভৰ্তি হৈ থকাৰ অনুভৱ কৰায়৷


(৫) সেয়েহে নিতৌ ৰাতি ৬-৮টা আলমণ্ড পানীত ভিজাই থৈ পুৱা তাৰ বাকলি গুচাই খাব লাগে৷


(৬) যিসকল লোকৰ বাদামৰ পৰা এলাৰ্জি আছে, ব্লাড প্ৰেছাৰ, কিবা এণ্টিবায়’টিক খাই আছে অথবা ভিটামিন-E ছাপ্লিমেণ্ট লৈ আছে, তেওঁলোকে আলমণ্ড নোখোৱাই ভাল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here