কণ্টেইনমেণ্ট জ’ন হ’ল সন্দিকৈ মহাবিদ্যালয় || Handique Girls’ College declared containment zone

0
296
অসমত এতিয়াও ক’ভিড পৰিস্থিতি সম্পূৰ্ণ নিৰ্মূল হোৱা নাই৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক’ভিডৰ সংক্ৰমণ অব্যাহত আছে৷ আনহাতে পুনৰ শিক্ষানুষ্ঠানৰ শিক্ষা আৰম্ভ হোৱাৰ লগে লগে শিক্ষানুষ্ঠানসমূহত ক’ভিডৰ সংক্ৰমণে উদ্বিগ্ন কৰি তুলিছে৷ শেহতীয়াকৈ গুৱাহাটীৰ কেইবাখনো শিক্ষানুষ্ঠানত ক’ভিডৰ সংক্ৰমণৰ বাবে পাঠদান বন্ধ হ’বলগীয়া হোৱাৰ পাছত আজিৰ পৰা মহানগৰীৰ প্ৰখ্যাত সন্দিকৈ মহিলা মহাবিদ্যালয়ত পাঠদান বন্ধ কৰিবলগীয়া হৈছে৷ মহাবিদ্যালয়খনৰ কেইবাগৰাকী শিক্ষক-শিক্ষাৰ্থী একে সময়তে কভিডত আক্ৰান্ত হোৱাৰ পাছত জিলা প্ৰশাসনে মহাবিদ্যালয়খন মাইক্ৰ’ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰে৷ প্ৰশাসনে অহা ৭ ডিচেম্বৰলৈ মহাবিদ্যালয়খন বন্ধ কৰি দিয়াৰ লগতে এই সময়ছোৱাত অনুমতিবিহীন কোনো লোককে মহাবিদ্যালয় চৌহদত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ আনহাতে অফলাইন পাঠদান বন্ধ কৰি মহাবিদ্যালয়ৰ সকলো বিভাগকে অনলাইন পাঠদানত গুৰুত্ব দিয়াৰ নিৰ্দেশো দিয়া হৈছে৷ উল্লেখ্য যে মহাবিদ্যালয়খনৰ সাতগৰাকীকৈ শিক্ষক-শিক্ষাৰ্থী ক’ভিডত আক্ৰান্ত হোৱাৰ পাছতে জিলা প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰে৷ ৰাজ্যত এতিয়াও দৈনিক শতাধিক লোক ক’ভিডত আক্ৰান্ত হৈ আহিছে৷ আনহাতে ৰাজ্যত ঘৰে ঘৰে ক’ভিড ভেক্‌চিন দিয়াৰ বিশেষ অভিযান পূৰ্ণগতিত অব্যাহত আছে৷ ৰাজ্যত ক’ভিড ভেক্‌চিন গ্ৰহণ কৰা লোকৰ সংখ্যাই ৩.৩৩ কোটিৰ ঘৰ অতিক্ৰম কৰিছে৷ প্ৰথম পালি ভেক্‌চিন লোৱা লোকৰ সংখ্যাই ২.১২ কোটি অতিক্ৰম কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here