ভাৰতৰ শিশুৰ এতিয়া বিপদাশংকা বেছি: কিয়?

0
1271
UNICEF-ৰ এখন নতুন প্ৰতিবেদনৰ মতে ভাৰতকে ধৰি এছিয়াৰ চাৰিখন দেশৰ শিশুৰ স্বাস্থ্য, শিক্ষা আৰু সুৰক্ষালৈ জলবায়ুৰ পৰিৱৰ্তনৰ বাবে ভাবুকি আহিছে৷ ‘The Climate Crisis Is a Child Rights Crisis: Introducing the Children's Climate Risk Index’ বা CCRI-ৰ শীৰ্ষক প্ৰতিবেদন হৈছে এই বিষয়ত শিশুৰ ওপৰত গুৰুত্ব দিয়া UNICEF-ৰ প্ৰথম প্ৰতিবেদন৷ প্ৰবল ঘূৰ্ণীবতাহ আৰু গ্ৰীষ্ম প্ৰবাহ আদিৰ দৰে শিশুৰ ওপৰত পৰা জলবায়ু আৰু পাৰিপাশ্বিৰ্ক প্ৰভাৱ, তাৰ সৈতে আৱশ্যকীয় সেৱাৰ বাবে সুবিধাৰ ওপৰত ভিত্তি কৰি প্ৰতিবেদনত দেশবোৰৰ স্থান নিৰ্ধাৰণ হৈছে৷ জলবায়ুৰ সংকটৰ প্ৰভাৱৰ বাবে এছিয়াৰ পাকিস্তান, বাংলাদেশ, আফগানিস্তান আৰু ভাৰতৰ শিশু অত্যন্ত গুৰুতৰ বিপদাশংকাত আছে৷ এই দেশকেইখনৰ স্থান হৈছে ক্ৰমে ১৪, ১৫, ২৫ আৰু ২৬ সংখ্যক৷ ইফালে বান আৰু বায়ু প্ৰদূষণৰ ক্ষেত্ৰত মহিলা আৰু শিশুৰ ওপৰত পৰা প্ৰভাৱৰ ভিত্তিত ভাৰতৰ স্থান ৩৩ সংখ্যক৷ চিলড্ৰেন ক্লাইমেট ৰিস্ক ইনডেক্সত পানী আৰু স্বচ্ছতা, স্বাস্থ্য সেৱা আৰু শিক্ষাৰ দৰে আৱশ্যকীয় সেৱাসমূহত জলবায়ু আৰু পাৰিপাশ্বিৰ্ক প্ৰভাৱৰ বাবে শিশুৱে সন্মুখীন হোৱা গভীৰ অভাৱৰ ইংগিত দিয়ে৷ ভাৰতৰ চুবুৰীয়া দেশ নেপাল ৫১ আৰু শ্ৰীলংকা ৬১ সংখ্যক স্থানত আছে৷ আপেক্ষিকভাৱে শিশুসকল কম বিপদাশংকাত থকা ভূটান ১১১ সংখ্যক স্থানত আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here