দুৰ্ঘটনাবশতঃ পানী পেটত সোমালে কি কৰিব? What to do when excessive water goes into your stomach as you drown?

0
2171
পানীত ডুবি গ’লে কি কৰা উচিত, এই সম্পৰ্কে প্ৰত্যেকে জনাটো প্ৰয়োজনীয়৷ কিয়নো আমাৰ দেশত প্ৰতি বছৰে বাঢ়নী পানী, নাও দুৰ্ঘটনা আদিত পানীত ডুবি মৃত্যু হোৱাৰ ঘটনা প্ৰায়ে ঘটিয়েই থাকে৷ যেতিয়া এজন লোক পানীত ডুবি যায়, তেতিয়া মানুহজনৰ শ্বাসনলী আৰু হাঁওফাঁওৰ ভিতৰত পানী সোমাই আবদ্ধ হৈ ৰয়৷ যাৰ ফলত পানীত পৰা ব্যক্তিয়ে প্ৰচুৰ পৰিমাণে পানী খাই অতি কম সময়তে মৃত্যুবৰণ কৰে৷ সেয়েহে পানীত পৰা ব্যক্তিক যদি সঠিক সময়ত চিকিৎসা কৰা হয়, তেন্তে মৃত্যুৰ সম্ভাৱনা যথেষ্ট হ্ৰাস পায়৷ তেন্তে জানো আহক পানীত পৰা ব্যক্তিৰ পেটত পানী সোমালে ইয়াৰ প্ৰাথমিক চিকিৎসা কেনেদৰে কৰিব৷

(১) প্ৰথমতে ব্যক্তিজনক পানীৰ পৰা উদ্ধাৰ কৰি আনি ততালিকে তলমুৱাকৈ পেটৰ ওপৰত শুৱাই দিয়ক, যাতে পেটৰ ভিতৰত সোমাই যোৱা পানী নাক আৰু মুখেৰে ওলাই আহে৷


(২) কিছু সময় পাছত মানুহজনক ওপৰমুৱা কৰি তেওঁৰ নাকটো চেপি ধৰি মুখেৰে তেওঁৰ মুখত চাৰিবাৰ বতাহ দিয়ক৷ এনে কৰিলে শ্বাসনলী আৰু হাঁওফাঁওত জমা হৈ থকা পানী ওলাই অহাত সহায়ক হয়৷

Man Helping Drowning Child Swimming Pool Stock Photo (Edit Now) 678425458


(৩) এতিয়া আপোনাৰ কাণখন ব্যক্তিজনৰ নাক আৰু মুখৰ ওচৰত নি শ্বাস-প্ৰশ্বাস চলি আছেনে পৰীক্ষা কৰক৷


(8) এনেদৰে প্ৰতি মিনিটৰ মূৰে মূৰে মানুহজনক CPR বা মুখেৰে বতাহ দিয়ক, যেতিয়ালৈ মানুহজনৰ শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়া স্বাভাৱিক নহয়৷


(৫) যদি মানুহজনে অধিক পানী খাইছে, তেন্তে পেট আৰু বুকুৰ মাজ অংশত লাহে লাহে হেঁচি অতিৰিক্ত পানী উলিওৱাৰ চেষ্টা কৰিব লাগে৷

Mock drowning aids water safety effort – Orange County Register


(৬) বুকুত হেঁচা দিয়াটো গুৰুত্বপূৰ্ণ, কিয়নো এনেদৰে বুকুত লাহে লাহে হেঁচা দিয়াৰ ফলত তেজৰ সহায়ত অক্সিজেনৰ গতি বৃদ্ধি হয়৷


(৭) যদি মানুহজন ডুবা পানীখিনি অত্যন্ত ঠাণ্ডা হয়, তেন্তে ভিজা কাপোৰবোৰ খুলি দি শুকান কাপোৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে৷


এনেদৰে পানীত ডুবা মানুহজনক প্ৰাথমিক চিকিৎসা কৰি উন্নত চিকিৎসাৰ বাবে ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ নিয়াৰ ব্যৱস্থা কৰা উচিত ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here