আসনেও চুলি মজবুত কৰিব পাৰেনে? Can Asanas strengthen the hair?

0
1385
যোগ, ধ্যান, প্ৰাণায়ামে আমাৰ শৰীৰ তথা মন-মগজু যে সুস্থ কৰি ৰাখে এই কথা প্ৰায় সকলোৰে জ্ঞাত৷ সেয়েহে আজিকালি মানৱ সমাজত জিমৰ দেৰ যোগাসনকো সমানে প্ৰাধান্য দিয়া দেখা যায়৷ পিছে যোগাসনে যে আপোনাৰ চুলি মজবুত কৰিব পাৰে, এই কথা আপুনি জানেনে ? হয়, গৱেষণা কৰি পোৱা গৈছে যে যোগাসনে মূৰৰ ৰক্ত সঞ্চালন বৃদ্ধি কৰে, যিয়ে নতুন চুলি গজাত সহায় কৰে৷ লগতে যোগে দুশ্চিন্তা-মানসিক অৱসাদ আদি দূৰ কৰে, যিবোৰ চুলি সৰাৰ অন্যতম কাৰণ৷ এতিয়া জানো আহক কোনবোৰ আসনে নতুন চুলি গজাত বা চুলি মজবুত কৰাত সহায় কৰে৷

(১) বালায়ম যোগ মুদ্ৰা চুলি গজাত বিশেষভাৱে কাৰ্যকৰী৷ এই মুদ্ৰাত দুইখন হাতৰ নখ একেলগে ঘঁহিব লাগে৷ এনেদৰে কৰাৰ ফলত চুলিগ্ৰন্থি বিকাশত সহায়ক হয়৷

How Rubbing Your Nails for 10 Minutes a Day Can Help You Grow Long Hair


(২) চুলি সৰাৰ অন্যতম কাৰণ হৈছে স্ত্ৰেচ আৰু এচিডিটি ৷ বজ্ৰাসনে এই দুয়োবিধ সমস্যা নিৰ্মূল কৰি চুলি সৰা প্ৰতিৰোধ কৰে৷

Health benefits of Vajrasana -'The Wealth Of Health'


(৩) অধোমুখশৱাসনে মূৰৰ ছালৰ ৰক্ত সঞ্চালন বৃদ্ধি কৰি চুলি মজবুত কৰে৷

Benefits of Adho Mukha Svanasana: 7 Health Benefits of Practicing Downward Facing Dog Pose Every Day | India.com


(8) উষ্ট্ৰাসনে চুলিৰ বিকাশত সহায় কৰাৰ লগতে মূৰৰ স্নায়ুসমূহক সক্ৰিয় কৰে আৰু মূৰলৈ তেজৰ সৰবৰাহ বৃদ্ধি কৰে৷ ফলত অত্যধিক চুলি সৰা বন্ধ হয় আৰু চুলি মজবুত হয়৷

Camel Pose - Ustrasana - The Yoga Collective -How To Do Camel Pose


(৫) ইয়াৰ লগতে শশাংগসনেও চুলি মজবুত কৰাত অৰিহণা যোগায়৷

Learn Sasangasana (Rabbit Pose)

LEAVE A REPLY

Please enter your comment!
Please enter your name here