সতৰ্কবাণী : কৃত্ৰিম বুদ্ধিমত্তা জলবায়ু পৰিৱৰ্তনতকৈও ভয়াৱহ

0
149


কৃত্ৰিম বুদ্ধিমত্তাক লৈ উদ্বেগ প্ৰকাশ কৰিছে জেফ্ৰী হিণ্টনে৷ হিণ্টনক কৃত্ৰিম বুদ্ধিমত্তাৰ গডফাদাৰ বুলি কোৱা হয়৷ তেওঁ কয় যে কৃত্ৰিম বুদ্ধিমত্তাই জলবায়ু পৰিৱৰ্তনতকৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে৷ হিণ্টনে এটা দশকতকৈও অধিক সময় গুগলত কাৰ্যনিৰ্বাহ কৰিছিল আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ তেওঁ নিজৰ দুজন ছাত্ৰৰ সৈতে এক নিউৰেল নেটৱৰ্ক তৈয়াৰ কৰে যি চাটজিপিটি, বিং আৰু বাৰ্ড চেটবাটছৰ আধাৰ হিচাপে কাম কৰিছিল৷ অৱশ্যে হিণ্টনে তেওঁৰ আৱিষ্কাৰে সৃষ্টি কৰিব পৰা বিপদৰ বিষয়ে অনুভৱ কৰে আৰু বিশ্বৰ প্ৰতি কৃত্ৰিম বুদ্ধিমত্তাই সৃষ্টি কৰিব পৰা বিপদৰ বিষয়ে সতৰ্ক কৰি দিয়াৰ বাবে গুগলৰ চাকৰি ত্যাগ কৰে৷ কৃত্ৰিম বুদ্ধিমত্তা ভিত্তিক প্ৰযুক্তি কৌশল আৱিষ্কাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা হিণ্টনে এটা সাক্ষাৎকাৰত কয় যে এ আয়ে এনেকুৱা বিপদৰ সৃষ্টি কৰিব, যিটো জলবায়ু পৰিৱৰ্তনৰ তুলনাত অধিক ভয়াৱহ হ’ব৷ তেওঁ কয়, ‘মই জলবায়ু পৰিৱৰ্তনক অৱমূল্যায়ন কৰিবলৈ বিচৰা নাই৷ জলবায়ু পৰিৱৰ্তনক লৈ চিন্তা কৰিবলগীয়া একো নাই বুলিও মই ক’বলৈ নিবিচাৰোঁ৷ ই এক বৃহৎ আশংকা৷ কিন্তু মোৰ মতে, এ আয়ে সৃষ্টি কৰিব পৰা ভাবুকি অধিক গুৰুত্বপূৰ্ণ৷’ উল্লেখ্য যে জলবায়ু পৰিৱৰ্তনক প্ৰতিৰোধ কৰিব পৰা উপায় আমাৰ হাতত আছে আৰু ইয়াক নিয়ন্ত্ৰণৰ বাহিৰ হৈ যোৱাটো ৰোধ কৰাৰ বাবে কি কি কৰিব লাগে সেই কথা সকলোৱে জানে৷ সেই সময়তে হিণ্টনে এই সতৰ্কবাণী শুনাইছে৷ কৃত্ৰিম বুদ্ধিমত্তাই সৃষ্টি কৰিব পৰা ভাবুকিক নিয়ন্ত্ৰণ কৰিবলৈ মানুহৰ হাতত কোনো উপায় নাই৷ তেওঁ কয়, ‘কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত আপোনাক সুৰক্ষা দিয়াৰ বাবে কি কৰিব লাগিব সেইটো স্পষ্ট নহয়৷’ ইয়াৰ আগতে তেওঁ এই বুলি সতৰ্ক কৰি দিছিল যে কৃত্ৰিম বুদ্ধিমত্তা অচিৰেই মানুহৰ বুদ্ধিমত্তাতকৈ আগবাঢ়িব৷ হিণ্টনে কয় যে মানুহতকৈ অধিক বুদ্ধিমান যন্ত্ৰ তৈয়াৰ কৰাৰ আগতে ইয়াৰ সম্ভাব্য পৰিণামৰ বিষয়েও চিন্তা কৰি চোৱা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here