কম দিনতে শালমইনা নাইকিয়া কৰক এইদৰে (Do this and get rid of pimples fast)

0
430
পুৰুষ-মহিলাৰ সকলোৰে এটা সময়ত হোৱা ছালৰ সমস্যাৰ ভিতৰত অন্যতম হৈছে শালমইনা বা পিম্পল্‌ছ৷ এই পিম্পল্‌ছ এবাৰ ওলালে সহজে নিৰাময় নহয়৷ বৰং এটা পিম্পল ওলালে আৰু বেছিকৈহে বিয়পি ই ছালৰ সৌন্দৰ্যত আঘাত হানে৷ বিশেষকৈ মহিলাসকলে যিহেতু বিভিন্ন ধৰণৰ প্ৰসাধনৰ সামগ্ৰী ব্যৱহাৰ কৰে, সেয়েহে তেওঁলোকৰ ছালত পিম্পল হোৱাৰ প্ৰৱণতা অধিক হয়৷ সেয়েহে তেওঁলোকে পিম্পল্‌ছৰ পৰা পৰিত্ৰাণ পাবলৈ নিম্নলিখিত টিপ্‌ছবোৰ অনুসৰণ কৰিলে নিশ্চয় সুফল লাভ কৰিব পাৰিব৷

(১) শালমইনা নহ’বলৈ বা অতি কম দিনতে ভাল কৰিবলৈ ৰাতি কমেও আঠ ঘণ্টাকৈ শোৱা উচিত৷


(২) প্ৰত্যেক সপ্তাহতে নিজৰ গাৰুটোৰ কভাৰ ধোৱাটো অতি প্ৰয়োজনীয়৷ কিয়নো গাৰুৰ কভাৰত লাগি থকা তেল আৰু ধূলি-বালিয়ে আপোনাৰ মুখৰ ছালৰ পিম্পল্‌ছ হোৱাত অৰিহণা যোগায়৷


(৩) ৰাতি শোৱাৰ আগতে টী ট্ৰি অইল কপাহত ভিজাই পিম্পল্‌ছত লগালে সুফল লাভ কৰিব পাৰি৷


(8) দৈনিক একাপকৈ গ্ৰীন টী খোৱাৰ অভ্যাস কৰক লগতে দিনত কমেও অন্ততঃ দুবাৰকৈ মুখ ধোৱা উচিত৷


(৫) কেতিয়াও পিম্পল্‌ছ হ’লে ভাঙি দিব নালাগে৷ তাৰ পৰিৱৰ্তে ৰাতি শোৱাৰ সময়ত এলোভেৰা জেল লগালে সুফল লাভ কৰিব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here