ভাল খবৰ ! তপামূৰীয়াসকলৰ বাবে বহু যোগাত্মক দিশ প্ৰকাশ গৱেষকৰ

0
325


এজন ব্যক্তিৰ সৌন্দৰ্যতাত চুলিখিনি গুৰুত্ব অপৰিসীম৷ চুলি হৈছে আমাৰ সেই অংশ যিয়ে আপোনাৰ প্ৰতি ব্যক্তি এজনৰ দৃষ্টি আকৰ্ষিত হয়৷ সেয়েহে চুলিকোছা সঠিক দেখনিয়াৰ আৰু নিৰাপদে ৰাখিবলৈ বিভিন্ন উপায় অৱলম্বন কৰা দেখা যায়ষ কিন্তু আজিকালি নানা প্ৰাকৃতিৰ আৱহাৱা, কেমিকেলৰ ব্যৱহাৰ, খাদ্যৰ ভিন্নতা আদি বিভিন্ন কাৰণত চুলি সৰিবলৈ আৰম্ভ কৰে আৰু এটা সময়ত চুলি সৰি এনেকুৱা পৰ্যায় পায় যে মূৰৰ চুলি নাইকিয়া হৈ তপামূৰীয়া অৱস্থা হয়হি৷ এইদৰে তপামূৰীয়া হোৱাৰ সমস্যাটো বহুতৰে চিন্তাৰ কাৰণ হৈ পৰে৷ তথ্য মতে প্ৰতিবছৰে সমগ্ৰ বিশ্বৰ মানুহে তপা হোৱাৰ বাবে নিৰাময়ৰ চিকিৎসা বাবে প্ৰায় চাৰে তিনি বিলিয়ন ডলাৰ ব্যয় কৰিছে৷ অৱশ্যে যিসকল লোকৰ চুলি সৰিছে তেওঁলোকৰ বাবে এটা ভাল খবৰে বিশেষ চৰ্চা লাভ কৰিছে৷ গৱেষণাৰ পৰা জনা গৈছে যে তপা মানুহে অধিক বুদ্ধিমান, প্ৰভাৱশালী হয় আৰু তেওঁলোক বেছিদিন জীৱাই থাকে৷ আনকি গৱেষাত প্ৰকাশ পোৱা মতে তপামূৰীয়া মানুহে নাৰীক আকৰ্ষণ কৰাৰ ক্ষমতা আনতকৈ বেছি৷ আমেৰিকাৰ ফ্লৰিডা বেৰী বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানী ফ্ৰেংক মাস্কেৰেলাৰৰ মতে বহু গৱেষণাত প্ৰকাশ পোৱা মতে চুলি নথকা পুৰুষৰ প্ৰতি মহিলা অধিক আকৰ্ষিত হয়৷ কাৰণ মহিলাসকলে এনে পুৰুষক বুঢ়া বুলি গণ্য কৰে৷ তপা অথচ হাই প্ৰফাইলৰ পুৰুষৰ বিপৰীতে মহিলাসকলে তেওঁলোকৰ প্ৰতি অধিক আকৰ্ষিত হয়৷ মাস্কেৰেলাই এটা পৰীক্ষাৰ জৰিয়তে কম তপা, সম্পূৰ্ণ তপা আৰু চুলি থকা পুৰুষৰ ফটেৈা চুলি এই ছবিবোৰ মনোবিজ্ঞান অধ্যয়ন কৰা লোকক দেখুওৱা হৈছিল৷ এইবোৰ ফটোৰ পৰা তপা মানুহৰ ফটোবোৰ দেখি মানুহে তেওঁলোকক অধিক বুদ্ধিমান, সহায়কাৰী, সৎ আৰু শিক্ষিত বুলি গণ্য কৰিছিল৷ বহু গৱেষণাৰ পৰা জানিব পৰা মতে তপামূৰীয়া হ’লে কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰাত সহায়ক হয়৷ আন এটা গৱেষণা মতে তপা হ’লে কেঞ্চাৰৰ সম্ভাৱনা ২৯ শতাংশ হ্ৰাস পায়৷ চুলি সৰা বা তপা হোৱাটো মানসিক চাপৰ এটা প্ৰধান কাৰণ হ’ব পাৰে৷ কিন্তু আপোনাৰ ইতিমধ্যে যদি মূৰৰ চুলি এডালো নাই, তেেন্ত আপুনি ইয়াৰ বাবে চিন্তা কৰিব নালাগে৷ ইয়াৰ ফলত আপুনি মানুসক চাপৰ পৰা সকাহ পাব পাৰে৷ জনা মতে তপামূৰীয়াসকল মানসিক চাপমুক্ত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here