পৃথিৱীৰ দিশে ধাৱমান হৈছে বিশাল আকাৰৰ পাথৰ : কি কয় বিজ্ঞানীয়ে

0
219

মহাকাশত নিৰন্তৰ বিভিন্ন ঘটনা পৰিঘটনা ঘটিয়েই থাকে৷ এই বিষয়ে মহাকাশ বিজ্ঞানীসকলে নিৰৱচ্ছিন্নভাৱে পৰীক্ষা-নিৰীক্ষা কৰি আছে৷ মহাকাশত এইবাৰ আন এক ঘটনা সংঘটিত হয়, যি ঘটনাই জ্যোতিৰ্বিজ্ঞানীসকলক চিন্তাই পেলাইছে৷ বিজ্ঞানীসকলৰ এটা বিশাল পাথৰক লৈ সমস্যাৰ উদ্ভৱ হৈছে৷ ডেইলি ষ্টাৰ নিউজৰ ৱেবছাইটৰ ৰিপ’ৰ্ট মতে মহাকাশত এটা বিশাল আকাৰৰ পাথৰৰ আৱিৰ্ভাৱ হৈছে৷ মহাকাশ গৱেষণা সংস্থা নাছাই এই পাথৰটো প্ৰত্যক্ষ কৰিছে৷ নাছাৰ খবৰ অনুযায়ী এই পাথৰটো পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰিব পাৰে৷ পৃথিৱীৰ অত্যন্ত কাষেৰে পাৰ হৈ গ’লে এই পাথৰটোৰ সৈতে পৃথিৱীৰ সংঘৰ্ষ হোৱাৰ সম্ভাৱনাৰ কথাও ব্যক্ত কৰিছে৷ এই বিশালকৃতিৰ পাথৰটোৰ নাম ৰাখিছে ১৯৯৷ পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব বুলি বিজ্ঞানীয়ে সম্ভাৱনা জাৰি কৰিছে৷ এই এষ্ট˜ৰয়েডটো ১৮৭০ ৰপৰা ৪২৬৬ ফুট ডাঙৰ৷ পৃথিৱীৰ পৰা ৪৫ লাখ কিলোমিটাৰ দূৰত্ব অতিক্ৰমী এই পাথৰটোৰ অধিক অধ্যয়নৰ পাৰে নাছাৰ বিজ্ঞীনীয়ে চেষ্টা চলাই আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here