ৰন্ধাৰ আগতে দাইল ভিজাইথ’লে পাব আচৰিত লাভ

0
190

আমি প্ৰায়ভাগেই দাইল ৰন্ধাৰ আগতে ধুই লওঁ৷ কিন্তু কিমানজনে দাইল গোটেই ৰাতি তিয়াই ৰাখিহে ৰান্ধে? খুব কমসংখ্যক মানুহে ওলাব, যিয়ে এই পদ্ধতি অৱলম্বন কৰে৷ অৱশ্যে বহুতেই ৰাজমা, বুটৰ দাইল আদি ৰন্ধাৰ আগতে তিয়াই থয়, নহ’লে ই সিজোতে বহু সময় লয়৷ কিন্তু আপুনি অন্য দাইল ৰন্ধাৰ আগতে তিয়াই ৰাখেনে? যদি নাৰাখে এতিয়াৰ পৰাই আৰম্ভ কৰক আৰু পাওক আচৰিত লাভ৷ জানো আহক কি?
কিছুমান দাইলে শৰীৰত পেট ফুলা,গেছ-বদহজমৰ সৃষ্টি কৰে৷ সেয়েহে দাইল তিয়াই থৈ ৰান্ধিলে ইয়াত থকা গেছ সৃষ্টিকাৰী উপাদান নষ্ট হৈ এনে সমস্যা দূৰ হয়৷
দাইল তিয়াই ৰাখিলে ইয়াত থকা হানিকাৰক তত্ত্ব নষ্ট হোৱাৰ লগতে দাইলৰ গুণাগুণ বৃদ্ধি পায়৷
ইয়াৰ লগতে দাইলত থকা যিবোৰ কাৰ্বহাইড্ৰেট আৰু প্ৰ’টিন হজম হ’বলৈ সময় লাগে, তেনেবোৰ সমস্যা নাইকিয়া হয় দাইল তিয়াই ৰাখিলে৷
দাইল যেতিয়া ভিজাই ৰখা হয়, তেতিয়া দাইলত থকা ফাইটেজ নামৰ এনজাইম সক্ৰিয় হৈ উঠে৷ যিয়ে ফাইটিক এচিড ভঙাৰ লগতে কেলচিয়াম, জিংক আৰু আইৰনক একলগ কৰাত সহায় কৰে, যিয়ে শৰীৰৰ মিনাৰেল শোষণৰ পৰিমাণ বৃদ্ধি কৰে৷
সেয়েহে গোটা মচুৰ, মুগ, ৰহৰ দাইল আদি ৰন্ধাৰ আগতে অন্ততঃ আঠ ঘণ্টামান ভিজাই ৰখা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here