ভয়ংকৰ ভৱিষ্যৎ সমাগত : ৰাজ্যত কিমান শতাংশ লোক দৰিদ্ৰতাৰ গ্ৰাসত

0
166

অসমত দ্ৰুত গতিত বৃদ্ধি পাইছে দুখীয়া লোকৰ সংখ্যা৷ যিসময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰি আহিছে সেই সময়তে উগ্বেগজনকভাৱে ৰাজ্যখনত দৰিদ্ৰ লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ অসমৰ এই ছবিখন প্ৰকাশ কৰিছে খোদ কেন্দ্ৰীয় চৰকাৰে৷ লোক সভাত কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা মতে, শেহতীয়াকৈ প্ৰকাশিত নিটি আয়োগৰ মাল্টিডাইমেনশ্যনেল প’ভাৰ্টি ইনডেক্সৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ দৰিদ্ৰ ৰাজ্যৰ তালিকাত পঞ্চম স্থানত আছে অসম৷ অসমৰ ৩২.৬৭ শতাংশ লোক এতিয়াও দৰিদ্ৰতাৰ গ্ৰাসত৷ লোক সভাত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভাৰতী প্ৰৱীণ পাৱাৰে সংসদৰ মজিয়াত প্ৰকাশ কৰা তথ্য অনুসৰি দেশৰ নাগৰিকসকলে যিখিনি নূন্যতম সা-সুবিধা পাব লাগে সেইখিনিও অসমৰ ৪৭.৮৭ শতাংশই লোকে লাভ নকৰে৷ নিটি আয়োগে ইয়াক ইণ্টেনছিটি অব ডিপ্লাইভেচন বুলি আখ্যা দিছে৷
দৰিদ্ৰতাৰ মাপকাঠী হিচাপে টকা-পইচাৰ পৰা আৰম্ভ কৰি পুষ্টি, মাতৃস্বাস্থ্য, শিক্ষাৰ হাৰ, ৰন্ধনৰ বাবে ব্যৱহৃত ইন্ধন, খোৱাপানী, অনাময় বাসস্থান, বিদ্যুতৰ ব্যৱহাৰ আদিক সামৰি লোৱা হৈছে৷ সকলোতকৈ ডাঙৰ কথা যে অসমত ৰাষ্ট্ৰীয় পৰ্যায়ত কৈ দৰিদ্ৰতাৰ হাৰ যথেষ্ট বেছি৷ অসমৰ এই পুতৌজনক অৱস্থাৰ বিপৰীতে কিন্তু দিল্লী, মহাৰাষ্ট্ৰ, কেৰালা, পঞ্জাব আদিৰ অৱস্থা যথেষ্ট উন্নত৷ ইয়াৰ বিপৰীতে দেশৰ দৰিদ্ৰ ৰাজ্যৰ শীৰ্ষত আছে বিহাৰ৷ বিহাৰত দৰিদ্ৰতা ৫১.৯১ শতাংশ৷ বিহাৰৰ পাছত আছে ঝাৰখণ্ড৷ তৃতীয় আৰু চতুৰ্থ স্থানত আছে উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশ৷ পঞ্চমত আছে যুটীয়াভাৱে অসম আৰু মেঘালয়৷ মন কৰিবলগীয়া কথা যে ৰাজ্য চৰকাৰখনে দৰিদ্ৰতা নিমূল্যৰ বাবে কোটি কোটি টকা ব্যয় কৰি বিভিন্ন আঁচনি হাতত লৈছে যদিও উক্ত আঁচনিসমূহ ৰূপায়ণৰ পাছতো আজিলৈ ৰাজ্যখনত দুখীয়া লোকৰ সংখ্যা হ্ৰাস পোৱা নাই৷ ইয়াৰ পৰাই বুজা যায় ৰাজ্যখন অৰ্থিক পৰিস্থিতি কোন দিশে গতি কৰিছে৷ যদিহে এই গতিত ৰাজ্যখনত দুখীয়া লোকৰ সংখ্যা বৃদ্ধি পাই থাকে তেনেহ’লে অনাগত দিনত ৰাজ্যৰ ভয়ংকৰ পৰিস্থিতি সৃষ্টি হব যে সেয়া এক প্ৰকাৰ নিশ্চিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here