ৰোগীৰ বাবে আশাৰ বতৰা১১৯বিধ ঔষধৰ মূল্য হ্ৰাস

0
295

নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটি চমুকৈ এন পি পি এ-এ ১১৯বিধ ঔষধৰ দাম হ্ৰাস কৰিছে৷ ইয়াৰ ভিতৰত কৰ’নাৰ চিকিৎসাত ব্যৱহাৰ কৰা পেৰাচিটামল আৰু এম’ক্সিচিলিনো আছে৷ চলিত বছৰত এন পি পি এই পঞ্চমবাৰৰ বাবে ঔষধৰ দাম হ্ৰাস কৰে৷ ইয়াৰ ফলত কেঞ্চাৰ, বহুমূত্ৰ, জ্বৰ, হেপাটাইটিছকে ধৰি কেইবাবিধো গুৰুতৰ ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা ঔষধৰ দাম প্ৰায়  ৪০ শতাংশ পৰ্যন্ত হ্ৰাস পাব৷ সৰ্বাধিক দাম হ্ৰাস পাব কেঞ্চাৰ ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা ঔষধৰ৷ অচিৰেই আৰু কেইবিধমান ঔষধৰ দাম হ্ৰাস পোৱাৰ সম্ভাৱনা আছে৷ এন পি পি এৰ বৈঠকত ১১৯বিধ ঔষধৰ প্ৰতিটো টেবলেট বা কেপছুলৰ সৰ্বাধিক দাম নিৰ্ধাৰণ কৰা হয়৷ বৈঠকত ইউৰিক এচিড হ্ৰাস কৰা ঔষধ আৰু মেলেৰিয়াৰ লগতে বিভিন্ন ৰোগত ব্যৱহাৰ কৰা এণ্টিবায়’টিকৰো দাম হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here