বয়স হিচাপত আপোনাৰ শিশুটিৰ ওজন বৃদ্ধি হোৱা নাই নেকি ? Is your child’s body weight not proportionate to his age?

0
1022
বয়সৰ লগত সংগতি ৰাখি ওজন বৃদ্ধি হোৱাটো খুবেই জৰুৰী৷ কিন্তু বহু শিশুৰ ক্ষেত্ৰত পুষ্টিৰ অভাৱত ওজন বৃদ্ধি নোহোৱা সমস্যাই দেখা দিয়ে৷ সেয়েহে মাক-দেউতাকে কেনেকৈ সন্তানৰ ওজন বৃদ্ধি কৰিব, ইয়াক লৈ চিন্তিত হোৱা দেখা যায়৷ সেয়েহে আজি আমি লৈ আহিছোঁ এনেকুৱা কিছুমান খাদ্য, যাৰ দৈনিক গ্ৰহণে নিশ্চয় আপোনাৰ শিশুটিৰ ওজন বৃদ্ধি কৰি এটা সুঠাম চেহেৰাৰ গৰাকী হোৱাত সহায় কৰিব পাৰিব৷

(১) দৈনিক আপোনাৰ সন্তানক কণী খুৱাওক৷ কিয়নো কণীত প্ৰচুৰ পৰিমাণে প্ৰ’টিন আৰু হেল্‌থি ফেটছ পোৱা যায়, যিয়ে মাংসপেশী গঠনত সহায় কৰে৷

How to Avoid a Green Ring on Hard-Boiled Egg Yolks


(২) দুগ্ধজাত সামগ্ৰী যেনে গাখীৰ, মাখন, ঘিউ, দৈ, চিজ আদিত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে৷ যিয়ে ওজন বৃদ্ধি, মাংসপেশী গঠন তথা হাড়ৰ গঠনত সহায় কৰে৷ সেয়েহে আপোনাৰ শিশুটিক এনেধৰণৰ খাদ্য খুওৱা উচিত৷

The 2020 Dairy 100: changes at the top | 2020-08-18 | Dairy Foods


(৩) ওজন বৃদ্ধিৰ ক্ষেত্ৰত কল উত্তম৷ কলত প্ৰচুৰ পৰিমাণে কেলৰি থাকে৷ নিয়মিতভাৱে কলৰ বিশেষকৈ ভীমকলৰ সেৱনে আপোনাৰ সন্তানৰ ওজন বৃদ্ধিত অভূতপূৰ্ব বৰঙনি যোগাব পাৰে৷

Bananas: Health benefits, tips, and risks


(8) সন্তানৰ ওজন বৃদ্ধিৰ কাৰণে তেওঁলোকৰ খাদ্য তালিকাত বাদামজাতীয় খাদ্যবস্তু অন্তৰ্ভুক্ত কৰক৷ যেনে কাজু, আলমণ্ড, ফ্লেক্সচিডছ, কাঠবাদাম, ছানফ্লাৱাৰ চিডছ ইত্যাদি৷

Eating Nuts May Make Your Brain Function Better | Cooking Light


(৫) তেলাল মাছেও ওজন বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰিব পাৰে৷ এনেধৰণৰ মাছত প্ৰ’টিন আৰু হেল্‌থি ফেটছ পোৱা যায়, যিয়ে আপোনাৰ সন্তানৰ মাংসপেশী গঠনত অৰিহণা যোগাব পাৰে৷

9 Healthiest Varieties Of Oily Fish

LEAVE A REPLY

Please enter your comment!
Please enter your name here