আপোনাৰ ওজন বাঢ়িছে নেকি ? এইকেইবিধ খাওক ৷ Putting on weight? Take these.

0
615

বৰ্তমান সময়ত শৰীৰৰ ওজন বৃদ্ধিৰ সমস্যাই গা কৰি উঠিছে৷ মূলতঃ শাৰীৰিক পৰিশ্ৰম নোহোৱা, বিলাসিতা জীৱন পচন্দ, জাংক ফুডৰ প্ৰতি আকৰ্ষণ, দৈনিক খাদ্য তালিকাৰ সালসলনি আদিয়েই মেদবহুলতাৰ অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে৷ এবাৰ এই সমস্যাৰ সৃষ্টি হ’লে ইয়াৰ পৰা ৰক্ষা পৰাটো জটিল হৈ পৰে৷ এই ওজন বৃদ্ধিৰ সমস্যাই পাছলৈ আমাৰ শৰীৰত বিভিন্ন ৰোগৰ সৃষ্টি কৰি অকামিলা কৰি পেলায়৷ সেয়েহে জানো আহক এনে সমস্যা হ’লে প্ৰধানতঃ কিধৰণৰ খাদ্য খোৱা উচিত৷

(১) মেদহীন শৰীৰ পাবলৈ আপুনি নিয়মিতভাৱে গ্ৰীন টী খাওক৷ কেলচিয়াম উপাদান থকা বাবে গ্ৰীন টীয়ে মেটাবলিজমৰ হাৰ বৃদ্ধি কৰে৷ ইয়াৰ উপৰি গ্ৰীন টী কেঞ্চাৰ প্ৰতিৰোধী বৈশিষ্ট্যৰে ভৰপূৰ৷

What Happens If I Drink Green Tea Every Day?


(২) গ্ৰীন টীৰ উপৰি ব্লেক টী স্বাস্থ্য ৰক্ষাৰ বাবে দৰকাৰী৷ উচ্চ স্নেহ পদাৰ্থযুক্ত হোৱা হেতু ৰক্তচাপৰ ওপৰত পৰা প্ৰভাৱ দূৰ কৰে ব্লেক টীয়ে৷

Drinking Black Tea During Pregnancy: Nutritional Value, Benefits & more


(৩) সেউজীয়া শাক-পাচলি ফাইবাৰৰ প্ৰধান উৎস৷ ইয়াৰ উপৰি ইয়াত খনিজ আৰু ভিটামিন যথেষ্ট পৰিমাণে পোৱা যায়৷ শৰীৰত হাইড্ৰেশ্যনৰ লেবেল ঠিক ৰাখিবলৈ পাচলিজাতীয় খাদ্য খোৱাটো উত্তম৷ ইয়াৰ ভিতৰত গাজৰ, বিট, বিলাহীৰ ৰস খালে মেদবহুলতাৰ সমস্যা লাঘৱ হয়৷

High Blood Pressure And Other Top Benefits Of Including Leafy Greens In Diet


(8) বাদামজাতীয় খাদ্য হজমৰ বাবে উপকাৰী৷ বাদামে শৰীৰত মেদ জমা হ’বলৈ নিদিয়ে৷ যিসকল লোকে ডায়েটিং কৰে, তেওঁলোকৰ খাদ্য তালিকাত বাদাম ৰখাটো ভাল৷

The health benefits of nuts - BBC Good Food


(৫) ব্লুবেৰিত ৮০% জলীয় পদাৰ্থ থাকে৷ খুব কম কেলৰি থকা এইবিধ ফলত ফাইবাৰ, ভিটামিন-C, ভিটামিন-K আদি যথেষ্ট পৰিমাণে থাকে৷ শৰীৰত কলেষ্টৰেলৰ মাত্ৰা কম ৰখাত ব্লুবেৰিয়ে সহায় কৰে৷ উচ্চ ৰক্তচাপ, মধুমেহ ৰোগত এইবিধ ফলে কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷ এণ্টিঅক্সিডেণ্টৰ মাত্ৰা বেছি থকা এইবিধ ফলে শৰীৰৰ ওজন হ্ৰাসত সহায় কৰে৷

Blueberry Stock Photo - Download Image Now - iStock

LEAVE A REPLY

Please enter your comment!
Please enter your name here