বেছি খং উঠে নেকি ? ভ্ৰামৰি কৰক (Are you hot-tempered? Practise Bhramari)

0
757
আজিকালি মানৱ সমাজত খং-ৰাগ, হতাশা, মানসিক অৱসাদ আদিয়ে বাৰুকৈ প্ৰভাৱিত কৰা দেখা যায়৷ বিশেষকৈ উঠি অহা যুৱ প্ৰজন্মৰ মাজত যেন সহনশীলতা প্ৰায় নাইকিয়া হৈ গৈছে৷ এই ক্ষেত্ৰত ভ্ৰামৰিয়ে আপোনাৰ মন-মগজু শান্ত কৰি খং নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে৷

ভ্ৰামৰি হৈছে একপ্ৰকাৰৰ প্ৰাণায়াম, যাৰ মাধ্যমেৰে মগজুৰ কোষ আৰু স্নায়ুসমূহ সক্ৰিয়-সবল হৈ উঠে৷ নিয়মিতভাৱে এই প্ৰাণায়াম কৰিলে মন-মগজু শান্ত হৈ দুশ্চিন্তা, খং, নিৰাশা আদিৰ দৰে সমস্যা নিৰাময় হয়৷

Bhramari Pranayama (Humming Bee Breath) – Steps, Benefits & Precautions


এই প্ৰাণায়াম কৰিবলৈ অতি সহজ৷ ইয়াৰ বাবে আপুনি এটা শান্ত পৰিৱেশ বাছি লৈ তাত পোন হৈ বহি লওক৷ ইয়াৰ পাছত চকু বন্ধ কৰি দুই হাতৰ বুঢ়া আঙুলিৰে কাণৰ ফুটা দুটা বন্ধ কৰি লওক৷ লগতে তৰ্জনী আঙুলি দুটা কপালত থৈ বাকী তিনিটা আঙুলিৰে চকুদুটা বন্ধ কৰি দিয়ক৷ এতিয়া দীঘলকৈ উশাহ লৈ ভোমোৰাৰ দৰে গুঞ্জন কৰি নাকেৰে নিশাহ এৰি দিয়ক৷ এনেদৰে কমেও পাঁচবাৰমান কৰা উচিত৷ এই ভ্ৰামৰি প্ৰাণায়ামে অকল যে খং নিয়ন্ত্ৰণ কৰে, তেনে নহয়৷ ই মূৰৰ বিষ, মাইগ্ৰেইন, ৰক্তচাপ নিয়ন্ত্ৰণ, স্নায়ৱিক ৰোগ, কাণ, নাক আৰু কণ্ঠনলীৰ ৰোগ, স্মৃতিশক্তি বৃদ্ধি কৰাৰ লগতে আপোনাক আত্মবিশ্বাসী কৰি তোলাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here