অভাৱনীয় ঘটনা ! মৌ মাখিৰ কামোৰত ৬৩টা পেংগুইনৰ মৃত্যু (Sixty-three penguins die due to honey bee sting!)

0
557
এক অভাৱনীয় আৰু অবিশ্বাস্য ঘটনা সংঘটিত হৈছে দক্ষিণ আফ্ৰিকাৰ কেপটাউনত৷ কেপটাউনৰ বাহিৰৰ এখন বীচ্ছত এজাক মৌ মাখিৰ আক্ৰমণত বিপদাপন্ন ৬৩টা আফ্ৰিকান পেংগুইনৰ মৃত্যু হয়৷ Southern African Foundation for the Conservation of Coastal Birds-এ এই কথা জানিবলৈ দিয়ে৷ ফাউণ্ডেশ্যনৰ সদস্য ডেভিদ ৰুবাৰ্টছে কয় যে পৰীক্ষণ কৰাৰ পাছত মৃত পেংগুইনৰ চকুৰ চাৰিওফালে মৌ মাখিৰ শুং পোৱা গৈছে৷ এইটো এটা অতি অস্বাভাৱিক আৰু অভাৱনীয় ঘটনা বুলিও তেওঁ উল্লেখ কৰে৷ তেওঁ লগতে উল্লেখ কৰে যে পেংগুইনবোৰ মৰি থকা ঠাইত বহুতো সৰু মৌ মাখি পোৱা যায়৷ আনহাতে South African National Parks-এ কয় যে মৰণোত্তৰ পৰীক্ষাৰ বাবে চৰাইবোৰ ফাউণ্ডেশ্যনলৈ অনা হয় আৰু নমুনাবোৰ পৰীক্ষাৰ বাবে পঠিওৱা হয়৷ মৰণোত্তৰ পৰীক্ষাত পেংগুইনবোৰৰ দেহত মৌ মাখিৰ শুং পোৱা যায় যদিও বাহ্যিক আঘাতৰ কোনো চিন নাছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here