কেন্দ্ৰৰ সতৰ্কবাণী ! ডেংগুৰ নতুন প্ৰকাৰ চিনাক্ত (Centre warns of new variant of dengue )

0
333
ডেংগুৰ এটা অধিক বিপজ্জনক প্ৰকাৰ বা টাইপ ধৰা পৰা ১১খন ৰাজ্যক ডেংগুৰ সংক্ৰমণ সোনকালে ধৰা পেলাবৰ বাবে পদক্ষেপ ল’বলৈ, হেল্পলাইন নম্বৰ মুকলি কৰিবলৈ আৰু পৰ্যাপ্ত টেষ্টিং কিট্‌, মহনাশক আৰু ঔষধ-পাতি মজুত কৰিবলৈ কেন্দ্ৰই নিৰ্দেশ দিছে৷ উল্লেখ্য যে ডেংগুৰ Serotype-2 নামৰ এটা প্ৰকাৰে এই ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত প্ৰত্যাহবানৰ সৃষ্টি কৰিছে৷ ডেংগুৰ আন ৰূপবোৰতকৈ Serotype-2 ডেংগু বেছি জটিল৷ এই প্ৰকাৰটো ধৰা পৰা ৰাজ্যকেইখন হৈছে ক্ৰমে অন্ধ্ৰ প্ৰদেশ, গুজৰাট, কৰ্ণাটক, কেৰালা, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িষা, ৰাজস্থান, তামিলনাডু আৰু তেলেংগানা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here