বেঙেনা খালে পাব এই সাতটা শাৰীৰিক উপকাৰ

0
45


কেতিয়াবা বেঙেনা ভাজি, কেতিয়াবা বেঙেনা পোৰা অথবা ৰুটী খোৱাৰ সময়ত তৰকাৰী নহ’লে বেঙেনাকে ভৰসা কৰা হয়৷ এইদৰে বিভিন্ন পদ্ধতিৰে খোৱাৰ বেঙেনাৰ খাদ্য গুণ কম নহয়৷ শীতকালৰ পাচলিবিধে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তুলিব পাৰে৷ আনহাতে বেঙেনাত ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-ই আদি পুষ্টিগুণেৰে সমৃদ্ধ হোৱা বাবে শৰীৰৰ বিভিন্ন উপকাৰ পোৱা যায়৷ বেঙেনা খোৱাৰ ফলত পুষ্টিৰ নাটনিও দূৰ হয়৷
যিসকল লোকে দিনটোৰ বেছিভাগ সময় কম্পিউটাৰৰ স্ক্ৰিন, মোবাইলত কামত ব্যস্ত থাকে, তেওঁলোকে প্ৰচুৰ পৰিমাণে বেঙেনা খাব লাগে৷ কিয়নো বেঙেনাত ভিটামিন-এ পোৱা যায়, যিয়ে চকুৰ দৃষ্টিশক্তি উন্নত কৰাত সহায় কৰে৷
যিসকল লোকে কলেষ্টৰেলৰ সমস্যা ভূগিছে, তেওঁলোকে উচ্চ কলেষ্টৰেলৰ মাত্ৰা কমাবলৈ বেঙেনা খোৱা ভাল৷ কিন্তু অত্যধিক মাত্ৰাত ভজা বেঙেনা খোৱাৰ পৰিৱৰ্তে তৰকাৰী হিচাপে খালে সুফল পাব পাৰে৷
উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণৰ কাৰণে বেঙেনা অত্যন্ত উপকাৰী৷ বেঙেনাত থকা পটাচিয়াম আৰু এন্থোছায়ানিনে ৰক্তচাপ কমোৱাত সহায় কৰে৷
বেঙেনাত ভিটামিন-বি আৰু ফ্লেভোনয়েড থাকে, যি উপাদানে হৃদৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে৷ আনহাতে বেঙেনাত থকা এণ্টিঅক্সিডেণ্টে হাৰ্টৰ যত্ন তথা হাৰ্ট এটেকৰ সম্ভাৱনা কমাই দিয়ে৷
শৰীৰৰ ওজন কমাবলৈ আপুনি নিদ্বিৰ্ধাই বেঙেনা খাব পাৰে৷ বেঙেনাত যথেষ্ট পৰিমাণে ফাইবাৰ পোৱা যায়, যি দীৰ্ঘসময় ধৰি পেটভৰ্তি কৰি ৰাখি ওজন কমোৱাত সহায় কৰে৷
আনহাতে বেঙেনাত থকা ফাইবাৰে ডায়েবেটিছ ৰোগীসকলৰ কাৰণে উপকাৰী৷ ইয়াৰ উপৰি বেঙেনাত কাৰ্বহাইড্ৰেটৰ মাত্ৰা কম পৰিমাণে থাকে৷ সেয়ে বেঙেনা খালে হঠাৎ ৰক্ত শৰ্কৰাৰ মাত্ৰা বাঢ়ি যোৱাৰ সম্ভাৱনা নাথাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here