মুখৰ ঘাৰ পৰা মুক্তি পাবলৈ এইবোৰ উপায়

0
135


বছৰৰ বিভিন্ন সময়ত বহুতৰে মুখত ঘা হোৱা দেখা যায়৷ ওঠঁৰ কাষত বা জিভাৰ দুয়োকাষে সৰু সৰু গুটিৰ দৰে ফুলি উঠে৷ ওঁঠৰ ঘা লাগি তেজপৰ্যন্ত ওলাব পাৰে৷ গোটেই ঠাইখিনি ৰঙা পৰি উঠে আৰু ৰঙা অংশৰ একেবাৰে মাজৰ অংশ বগা হৈ পৰে৷ এনে অৱস্থাত মুখৰ বিষ হৈ মুখ মেলিব নোৱাৰা হৈ পৰে৷ একো এটা খাদ্যই গ্ৰহণ কৰিব নোৱাৰা হয়৷ অসহ্য বিষৰ কাৰণে গোটা খাদ্য প্ৰায় খাব নোৱাৰি৷ দাঁত মাজাত অসুবিধা হোৱাৰ বাবে মুখৰ দুৰ্গন্ধ তথা দঁাতৰ ৰোগ হোৱাৰো সম্ভাৱনা থাকে৷ সেয়ে এনে অৱস্থাত ঘৰুৱাভাৱে কি ব্যৱস্থা গ্ৰহণ কৰিব তাকে জনাব বিচাৰিছোঁ৷ একাধিক কাৰণত মুখৰ ঘা হ’ব পাৰে৷ বিশেষজ্ঞসকলে কোৱা মতে ডিহাইড্ৰেশ্যন, হৰমনৰ সমস্যা, ভিটামিনৰ অভাৱ আদি কাৰণ হিচাপে ধৰি লোৱা হয়৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ এইবোৰ কৰিলে সোনকালে আৰোগ্য লাভ কৰিব৷
মুখত ঘা হৈ অসহ্য বিষ অনুভৱ হ’লে গৰম পানীত নিমখ অলপ মিহলাই কুলকুল কৰিলে যথেষ্ট আৰাম পোৱা যায়৷ ইয়াৰ উপৰি এইদৰে কৰাৰ ফলত বীজাণুও নাশ হয়৷
মুখৰ ঘা নিৰাময় তথা বিষ নোহোৱা কৰিবলৈ লং খাব পাৰে৷ লঙত এণ্টিবেক্টেৰিয়েল গুণ থাকে, যিয়ে ঘা শুকোৱা তথা বিষ নিবাৰণ কৰাত সহায় কৰে৷
মুখৰ ঘাৰ বিষ কমাবলৈ ক্ষতস্থানত মৌ লগাব পাৰে৷ ইয়াৰ বাবে বিশুদ্ধ মৌ অলপ লৈ আঙুলিৰে ঘা হোৱা ঠাইত লগালে বিষ নাইকিয়া হোৱাৰ উপৰি ঘা সোনকালে শুকাই যায়৷
মুখৰ ঘা নিৰাময়ৰ বাবে হালধি উত্তম৷ কেঁচা হালধি পিচি লৈ ৰস উলিয়াই ঘা হোৱা ঠাইত লগালে কিছু সময়ত পাছতে বিষ লাহে লাগে নোহোৱা হোৱাৰ লগতে ঘা সোনকানে শুকুৱাই সহায় কৰে৷
ইয়াৰ উপৰি বেকিং ছ’ডা অলপ কুহুমীয়া পানীত মিহলাই গাগল কৰিলে যথেষ্ট আৰাম তথা সুফল পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here