বৃশ্চিকৰ দংশন ৫০০-তকৈ অধিক চিকিৎসাধীন: ক’ত? Over 500 undergoing treatment after being bitten by scorpions. Where?

0
842
ইজিপ্তৰ দক্ষিণৰ এখন ৰাজ্যত প্ৰবল বৰষুণ তথা বানৰ পাছত বৃশ্চিকৰ দংশনৰ বাবে তিনিজন লোকৰ মৃত্যু হয় আৰু ৫০০তকৈ অধিক লোক চিকিৎসালয়ত ভৰ্তি হ’ব লগা হয়৷ ৰাষ্ট্ৰ পৰিচালিত সংবাদ মাধ্যমে এই কথা জনায়৷ শনিবাৰে দেশখনৰ আচৱান প্ৰদেশত বিজুলী-ঢেৰেকনিৰে প্ৰবল বৰষুণ হয় আৰু বহু অঞ্চল জলমগ্ন হৈ পৰে৷ আনহাতে ধুমুহাৰ বাবে বৃশ্চিকবোৰ লুকাই থকা ঠাইৰ পৰা ওলাই আহি মানুহৰ ঘৰত প্ৰৱেশ কৰে৷ প্ৰদেশখনত অতি কমেও ৫০৩জন লোকক বৃশ্চিকৰ দংশনৰ পাছত চিকিৎসালয়ত ভৰ্তি কৰা হয়৷ তেওঁলোকৰ সকলোকে বিষ-বিৰোধী বেজী [এণ্টি ভেনম] দিয়াৰ পাছত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here