আয়ুৰ্বেদৰ মতে এইকেইটা কাম সদায় কৰা উচিত || According to Ayurveda these activities need to be done every day

0
581

আমি প্ৰত্যেকেই পুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে বিভিন্ন কাম কৰোঁ৷ কামৰ পৰা যেন আহৰিয়েই নাই৷ লগতে খোৱা-লোৱাৰ সঠিক সময় নোহোৱা, ব্যস্ততা, স্ত্ৰেচ আদিত নিজৰ কথা পাহৰিয়েই যোৱা হয়৷ অৱশ্যে ইয়াৰ মাজতে কিছু স্বাস্থ্য-সচেতন লোকো আছে, যিয়ে নিজৰ দেহটোৰ যতনৰ বাবে একো নকৰাও নহয়৷ আয়ুৰ্বেদৰ মতে আমি দিনটোৰ আৰম্ভণিৰ পৰা ৰাতি শোৱালৈ যদি এই কামকেইটা কৰোঁ, তেন্তে আমি বিভিন্ন ধৰণৰ ৰোগৰ পৰা নিজকে বচাই ৰাখিব পাৰোঁ৷

(১) পুৱা সোনকালে অন্ততঃ সাত বজাৰ আগতে শোৱাপাটী এৰি খুব বেছি এঘণ্টাৰ কাৰণে যোগ, প্ৰাণায়াম বা শৰীৰচৰ্চা কৰা উচিত৷

All About Yoga: Poses, Types, Benefits, and More | Everyday Health


(২) গৰম পানীত নিমখ মিশ্ৰণ কৰি দিনে দুবাৰকৈ গাৰ্গল কৰিব লাগে৷


(৩) বাহিৰলৈ ওলাই যোৱাৰ আগতে আৰু বাহিৰৰ পৰা ঘৰলৈ অহাৰ পাছত তিলৰ তেল পাঁচটোপালকৈ নাকত দিব লাগে৷

Oiling Nose (Ayurveda Nasya) : Benefits,Uses,How To Do It


(৪) দিনত আহাৰ খোৱাৰ পাছত লগে লগে শুই নিদিব৷


(৫) দিনে দুবাৰকৈ ত্ৰিফলা পানীৰে চকু ধোৱা উচিত৷


(৬) ৰাতি আঠ ঘণ্টাকৈ শোৱা অত্যন্ত জৰুৰী৷ ভাল টোপনি অহাৰ বাবে ভৰিৰ তলুৱাত তেল মালিচ কৰি শোৱাৰ অভ্যাস কৰক৷

How to massage feet: 12 techniques for relaxation and pain relief

LEAVE A REPLY

Please enter your comment!
Please enter your name here