মুখৰ অবাঞ্ছিত নোম কেনেদৰে আতৰাব?How to get rid of unwanted hair from the face?

0
405

মুখমণ্ডলত গজা অবাঞ্ছিত নোমৰ বাবে বিশেষকৈ বহুত নাৰীয়ে বিব্ৰতবোধ কৰে৷ আনকি কেতিয়াবা বিবাহ আদি মাংগলিক অনুষ্ঠান আদিলৈ লাজতে যাবলৈও কুণ্ঠাবোধ কৰা দেখা যায়৷ এনেদৰে গজা নোমবোৰ আঁতৰাবলৈ মহিলাসকলে থ্ৰেডিঙৰ পৰা আৰম্ভ কৰি বিভিন্ন কোম্পানীৰ ক্ৰিম, আনকি নানা ঘৰুৱা উপায় অৱলম্বন কৰি নোমবোৰ গুচাবলৈ চেষ্টা কৰে৷ এনেদৰে সাময়িকভাৱে নোমবোৰ আঁতৰালেও কিছুদিনৰ পাছত আকৌ গজিবলৈ আৰম্ভ কৰে৷ এই সমস্যাৰ পৰা দীৰ্ঘসময়ৰ বাবে পৰিত্ৰাণৰ উপায় হিচাপে এই দুই উপাদান ব্যৱহাৰ কৰিব পাৰে৷ ঘৰুৱা উপায়েৰে এই দুই উপাদান ব্যৱহাৰ কৰি আপুনি পাব পাৰে মসৃণ আৰু নোমহীন গাল৷

463 Women Gold Human Face Eyes Closed Stock Photos, Pictures & Royalty-Free Images - iStock

ইয়াৰ বাবে প্ৰয়োজন হ’ব মৌ আৰু চেনিৰ৷ এটা পাত্ৰত এচামুচ মৌ আৰু দুচামুচ চেনি লৈ এটা মিশ্ৰণ তৈয়াৰ কৰি লওক৷ ইয়াৰ পাছত ইয়াত এচামুচ পানী মিহলি কৰি এটা ফেচমাস্ক প্ৰস্তুত কৰক৷ এই মিশ্ৰণটো ২ মিনিটমানৰ বাবে মাইক্ৰ’ৱেভ অ’ভেনত গৰম কৰি লওক, যাতে আটাইকেইটা বস্তু ভালদৰে মিহলি হয়৷ ইয়াৰ পাছত মিশ্ৰণটো উলিয়াই ঠাণ্ডা হ’বলৈ দিব৷ মুখৰ যি ঠাইত নোম আছে সেই ঠাইত এই ফেচমাস্ক হাতেৰে ভালদৰে লগাই দিয়ক৷ কিছু সময় ৰখাৰ পাছত মুখৰ পৰা মাস্কৰ দৰে তুলি দিয়ক৷ তাৰ পাছত পৰিষ্কাৰ কাপোৰেৰে মুখখন মচি দিয়ক৷ নিয়মিতভাৱে এই মিশ্ৰণটো মুখত ব্যৱহাৰ কৰিলে নোমবোৰ উঠি মুখখন নোমহীন হৈ পৰিব৷ এইদৰে প্ৰাকৃতিক উপায়েৰে মুখৰ অবাঞ্ছিত নোম আঁতৰাব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here