মোবাইল চুৰি হ’লে ট্ৰেককৰাৰ প্ৰযুক্তি উদ্ভাৱন

0
422


বৰ্তমান ডিজিলেটাইজেশ্যনৰ যুগত মোবাইল এক অবিচ্ছেদ্য অংগ হৈ পৰিছে৷ আবাল-বৃদ্ধ-বনিতাৰ মাজতো মোবাইলৰ ব্যৱহাৰ সমানে বাঢ়িছে৷ ইয়াৰ বিপৰীতে আকৌ মোবাইল চোৰৰ উপদ্ৰৱো যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে৷ মোবাইল এটা চুৰি হোৱাৰ পাছত লোকজন শ’লঠেকত পৰে, কিয়নো আজিকালি সকলো আৱশ্যকীয় নথি-পত্ৰ, ডাটা মোবাইলত সংগ্ৰহ কৰি থোৱা হয়৷ এতিয়া আৰু এইধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাই৷ কিয়নো কেন্দ্ৰীয় চৰকাৰে ১৭ মে’ৰ পৰা এটা নতুন ট্ৰেকিং ছিষ্টেম চেণ্ট্ৰেল ইকুইপমেণ্ট আইডেণ্টিটি ৰেজিষ্টাৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই ট্ৰেকিং ছিষ্টেমৰ জৰিয়তে মোবাইল হেৰাই যোৱা, চুৰি হোৱা মোবাইল ফোন চিনাক্ত কৰি লগে লগে ব্লক কৰিবলৈ সক্ষম হ’ব৷ ভাৰত চৰকাৰৰ টেলিকমিউনিকেশ্যন বিভাগৰ অধীনত এই নতুন ট্ৰেকিং ছিষ্টেম চেণ্ট্ৰেল ইকুইপমেণ্ট আইডেণ্টিটি ৰেজিষ্টাৰ মুকলি কৰা হৈছে৷ বিভাগটোৱে জনোৱা মতে এই বছৰৰ মাৰ্চ মাহৰ পৰা সমূহ ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলত পৰীক্ষামূলক ভিত্তিত ছিষ্টেমটো আৰম্ভ কৰা হৈছিল আৰু ১৭ মে’ৰ পৰা সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’ব৷ এতিয়াৰে পৰা মোবাইল ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ চুৰি হোৱা মোবাইলৰ ক্ষেত্ৰত ব্লক কৰাৰ সুবিধা লাভ কৰিব৷ যেতিয়া এজন ব্যক্তিয়ে তেওঁৰ মোবাইলটো ব্লক কৰিব, তেতিয়া দায়িত্ববাহী বিভাগে ফোনটো ট্ৰেক কৰিব অথবা ট্ৰেছ কৰাৰ চেষ্টা কৰিব৷ স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে চি ই আই আৰৰ বেৱছাইট বা কে ৱাই এম এপৰ জৰিয়তে তেওঁলোকৰ হেৰাই যোৱা বা চুৰি হোৱা মোবাইলটো ব্লক কৰিব পাৰিব৷ চি ডি অ’ টিৰ চেয়াৰমেন ৰাজকুমাৰ উপাধ্যায়ে কয় যে এই ছিষ্টেমটো দ্বাৰা মানুহে হেৰাই যোৱা বা চুৰি হোৱা মোবাইল ব্লক বা ট্ৰেক কৰিব পাৰিব৷ ভাৰত চৰকাৰে ইতিমধ্যে ইণ্টাৰনেশ্যনেল মোবাইল ইকুইপমেণ্ট আইডেণ্টিটি প্ৰকাশ কৰা বাধ্যতামূলক কৰিছে৷ এই ক্ষেত্ৰত মোবাইল নেটৱৰ্কে আই এম ই আই নম্বৰৰ এখন তালিকা থাকিব৷ যদি কোনো অননুমোদিত মোবাইল ফোনৰ আই এম ই আই নম্বৰৰ পৰিৱৰ্তন কৰে, তেন্তে সেই মোবাইল চিনাক্ত কৰিব৷ প্ৰযুক্তি উন্নয়ন সংস্থা চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অব টেলিমেটিক্স-এ দিল্লী, মহাৰাষ্ট্ৰ, কৰ্ণাটক তথা উত্তৰ-পূৰ্বাঞ্চলসহ কিছু টেলিকম চাৰ্কোলে পৰীক্ষামূলকভাৱে চেণ্ট্ৰেল ইকুইপমেণ্ট আইডেণ্টিটি ৰেজিষ্টাৰ ছিষ্টেম আৰম্ভ কৰিবলৈ লৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here