পথ নিৰ্দেশনা উলংঘা : গুৱাহাটীত ডাম্পাৰ, পানী টেংকাৰৰ দৌৰাত্ম্য

0
166

গুৱাহাটীৰ ব্যস্ত পথত এতিয়াও পথ নিৰ্দেশনা উলংঘা কৰি গধুৰ মালবাহী ট্ৰাকৰ চলাচল অব্যাহত আছে৷ মহানগৰ যান-বাহন আৰক্ষীয়ে বিভিন্ন পথত পথ-নিৰ্দেশনা তথা আৰক্ষীৰ টহল অব্যাহত থকা বুলি উল্লেখ কৰি আহিলেও গুৱাহাটীৰ পথত একাংশ চালকে দ্ৰুত গতিত যান-বাহন চলাই উপদ্ৰৱ সৃষ্টি কৰি আছে৷ যান-বাহন আৰক্ষীৰ ফোঁপোলা স্বৰূপটোৰ বাবেই মহানগৰৰ জি এছ ৰ’ড, আৰ জি বৰুৱা ৰ’ড, জি এন বি ৰ’ড, ভি আই পি ৰ’ড আদিকে ধৰি অধিকাংশ পথত মালবাহী আৰু অধিক বোজা কঢ়িয়াই ফুৰা বাহনৰ সন্ত্ৰাস অব্যাহত আছে৷ পথৰ বিভিন্ন ঠাইত আৰক্ষীৰ টহল অব্যাহত থকাৰ পাছতো ৰহস্যজনকভাৱে এনে বাহনৰ চলাচল কৰি থকা দেখা যায়৷ পৰিবহণ বিভাগেও যান-বাহন আইন উলংঘা কৰা বাহনৰ ক্ষেত্ৰত অভিযান অব্যাহত ৰখা বুলি উল্লেখ কৰি আহিলেও সেয়াও ভেঁকো-ভাওনাত পৰিণত হৈছে৷ গুৱাহাটীত দিনে-নিশাই গুৱাহাটী পৌৰ নিগম, বিভিন্ন কনষ্ট্ৰাকশ্যন কোম্পানীৰ ডাম্পাৰ, পানী টেংকাৰ আদিৰ দৌৰাত্ম্যই সঘনাই পথ দুৰ্ঘটনা সংঘটিত কৰি আহিছে৷ যাৰ ফলত সাধাৰণ লোক শংকিত হৈ পৰাৰ লগতে দুৰ্ঘটনাত বহুকেইজন লোকে প্ৰাণ হেৰুৱাব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বিশেষকৈ মহানগৰত এতিয়া নিশাৰ সময়ছোৱাত অধিক বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা৷ দৈনিক সংঘটিত হোৱা পথ দুৰ্ঘটনাত বিভিন্নজনে প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷ কাৰণ নিশাৰ সময়ছোৱাত উদণ্ড ট্ৰাক আৰু ডাম্পাৰৰ চালকে নামানে কোনো আইন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here