বিশ্বৰ উষ্ণতাৰ সমস্যা সমাধানৰ লক্ষ্য : ক’ত, কেতিয়া? Goal set to tackle global warming: where, when?

0
218
গ্লাছগ’ত ৰাষ্ট্ৰসংঘৰ জলবায়ু শীৰ্ষ সন্মিলনত প্ৰবল হৈ পৰা বিশ্বৰ উষ্ণতাৰ সমস্যা কিদৰে সমাধান কৰিব পাৰি সেই বিষয়ে প্ৰায় ২০০খন দেশৰ মাজত কূটনীতিক আলোচনা হ’ব৷ এই সভাত তেওঁলোকে সেউজগৃহ গেছ নিৰ্গমণ নিয়ন্ত্ৰণ কৰিবলৈ আৰু জলবায়ুৰ পৰিৱৰ্তনৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ দেশবোৰৰ প্ৰচেষ্টাৰ আঁচনি প্ৰস্তুত কৰিব৷ ইফালে পোপ ফ্ৰান্সিছে বিশ্ববাসীক প্ৰাৰ্থনা কৰিবলৈ কয় যাতে স্কটলেণ্ডৰ গ্লাছগ’ত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰসংঘৰ জলবায়ু শীৰ্ষ সন্মিলনত ‘পৃথিৱীৰ কান্দোন’ বিশ্বৰ নেতাসকলে শুনা পায়৷ তেওঁ কয় যে জলবায়ুৰ উষ্ণতা বৃদ্ধিৰ বাবে পৃথিৱী আৰু দৰিদ্ৰ লোকে যিদৰে ভুগিছে, সেই কান্দোন যাতে বিশ্বৰ নেতাসকলে শুনে তাৰ বাবে প্ৰাৰ্থনা কৰক৷ ৩১ অক্টোবৰৰ পৰা ১২ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া তথা কপ-২৬ নামে জনাজাত এই শীৰ্ষ সন্মিলনত প্ৰাক-ঔদ্যোগিক সময়ৰ তুলনাত এই শতিকাত কিদৰে পৃথিৱীৰ উষ্ণতা ১.৫ ডিগ্ৰী চেলছিয়াছ (২.৭ ফাৰেনহাইট)তকৈ অধিক নোহোৱাকৈ ৰাখিব পৰা যায় সেই বিষয়ে আলোচনা হ’ব৷ কপ-২৬ ৰূপে জনাজাত গ্লাছগ’ আলোচনাৰ অধ্যক্ষতা কৰি ব্ৰিটিছ চৰকাৰৰ মন্ত্ৰী আলোক শৰ্মাই কয় যে এই শীৰ্ষ সন্মিলন উষ্ণতা ১.৫ত ৰখাৰ আমাৰ শেষ আৰু পৰম আশা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here