আশ্চৰ্যজনক ! ৰাজ্যত শিশু বিক্ৰীৰ ঘটনা || Shocking news: children being sold in state!

0
547
শিশু আৰু কিশোৰ-কিশোৰীসকলৰ সুৰক্ষাৰ বাবে সময়ে সময়ে ন-ন আইন প্ৰণয়ন কৰা হৈছে যদিও ইয়াৰ বিপৰীতে একাংশ অসৎ চক্ৰই ইয়ালৈ ভ্ৰূক্ষেপ নকৰি অব্যাহত ৰাখিছে শিশু সৰবৰাহৰ দৰে অপৰাধ৷ চুবুৰীয়া ৰাজ্য অৰুণাচলত এক লাখ টকাত বিক্ৰী কৰা তেজপুৰৰ এটি ১৩ বছৰীয়া কন্যা শিশুক শোণিতপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰাৰ লগতে এই ঘটনাত জড়িত এগৰাকী মহিলাসহ তিনিজনক কৰায়ত্ত কৰিবলৈ  সক্ষম হয়৷ ঘটনাৰ বিৱৰণী অনুসৰি, তেজপুৰ পৰোৱাৰ ঘৰৰ পৰা শিশুটোক যোৱা ৫ ছেপ্টেম্বৰত বিশ্বনাথ জিনজিয়াৰ দুল বৰুৱাই ফুচুলাই অপহৰণ কৰি নি দিছিল একে অঞ্চলৰে প্ৰবীণ খাণ্ডোৱাল আৰু পত্নী চুমী খাণ্ডোৱালক৷ ইয়াৰ পাছত প্ৰবীণ আৰু চুমীয়ে অৰুণাচলৰ নাহৰলগুনত এক লাখ টকাত বিক্ৰী কৰে শিশুটোক৷ এই অভিযোগ লাভ কৰাৰ পাছত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে আৰু এক গোপন সূত্ৰৰ পম খেদি অভিযান আৰম্ভ কৰে৷ ইতিমধ্যে শিশুটোক চুবুৰীয়া ৰাজ্যৰ পৰা উদ্ধাৰ কৰাৰ লগতে এই ঘটনাৰ সৈতে জড়িত দুল, প্ৰবীণ আৰু চুমী খাণ্ডোৱালক গ্ৰেপ্তাৰ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here